23.7 C
Guwahati
Thursday, October 6, 2022
More

    কৰ’ণাৰ ভয়ংকৰ ৰূপ, একেটা পৰিয়ালৰে ৭জন আক্ৰান্ত ডিব্ৰুগড়ত

    ৰমেশ কেডিয়াৰ পত্নী, কন্যা, পুত্ৰ, ভাতৃ, ভাই বোৱাৰী আৰু ভটিজাক আক্ৰান্ত ধৰা পৰিছে কভিড-১৯ পজিটিভ

    ডিব্ৰুগড়ত ভয়ংকৰ ভাৱে বৃদ্ধি পাইছে ক’ৰণা ভাইৰাছৰ সংক্ৰমণ। একেটা পৰিয়ালৰে ৭জনকৈ লোক আক্ৰান্ত হৈছে এই মহামাৰীত।

    কোনো ট্ৰেভেল হিষ্ট্ৰী নথকাকৈ ডিব্ৰুগড়ৰ ৰমেশ কেডিয়া নামৰ এজন কাপোৰৰ ব্যৱসায়ীৰ দেহত প্ৰথমে কৰণা ভাইৰাছ ধৰা পৰে।

    তেওঁ আক্ৰান্ত হোৱাৰ পাছতে এজন এজনকৈ তেওঁৰ পৰিয়ালৰ অন্যান্য সকলৰো কভিড-১৯ ধৰা পৰে।

    ৰমেশ কেডিয়াৰ পত্নী, কন্যা, পুত্ৰ, ভাতৃ, ভাই বোৱাৰী আৰু ভটিজাক আক্ৰান্ত ধৰা পৰিছে কভিড-১৯ পজিটিভ।

    আনহাতে যোৱা ১৪ জুনত লোক জনৰ কভিড ১৯ ধৰা পৰা পিছতে পাছতে স্বাস্থ্য বিভাগে লোকজনৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বাসগৃহটো কন্টেনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে।

    পিছত তেওঁৰ পৰিয়াল আৰু সংস্পৰ্শলৈ অহা সকলৰো কোভিড পৰীক্ষা কৰা হৈছিল। আৰু আজি অহা ৰিপৰ্ট অনুসৰি পৰিয়ালৰ অন্য ছয়জনৰো পজিটিভ আহিছে।

    ইতিমধ্যে স্বাস্থ্য বিভাগে অসম চিকিৎসা মহাবিদ্যালয়লৈ নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

    উল্লেখযোগ্য যে, ৰমেশ কেডিয়াই তেওঁৰ কন্যাৰ বিবাহৰ বাবে গুৱাহাটীলৈ বজাৰ কৰিবলৈ গৈ ৭ জুনত ডিব্ৰুগড়লৈ আহিছিল।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং