যিসময়ত সমগ্ৰ দেশতে লকডাউন অব্যাহত আছে সেই সময়ত একাংশ অসাধু লোকৰ উপদ্ৰৱ বৃদ্ধি পাইছে। শেহতীয়াকৈ লকডাউনৰ গইনা লৈ একাংশ দুষ্ট প্ৰকৃতিৰ লোকে নদীত বিহ ঢালি মাছ নিধন যজ্ঞ পতা কাৰ্যই চকু কপালত তুলিছে।

চৰাইদেউ জিলাৰ সোঁমাজেৰে প্ৰবাহিত দিচাং নদীত অচিনাক্ত কোনো লোকে বিহ ঢলাৰ ফলত নিধন হৈছে কণীযুক্ত মাছ। কেইটামান টকাৰ বাবেই দিচাং নদীত বিহ ঢালি কণীযুক্ত মাছ নিধন কৰি বিক্ৰী কৰিছে বিভিন্ন প্ৰান্তত। উল্লেখ্য যে অসম মীন অধিনিয়ম ১৯৫৩ৰ অনুসৰি এই সময়ছোৱাত কণীযুক্ত মাছ ধৰাত নিষেধাজ্ঞা আৰোপ কৰা হয়।
যিহেতু এই সময়ছোৱা মাছৰ প্ৰজননৰ সময়। সেয়ে ৭-১৪ ছেণ্টিমিটাৰ তলৰ মাছ ধৰাত প্ৰতিবছৰে চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰে প্ৰজনন, বংশ বৃদ্ধি তথা বিকাশৰ বাবে। কিন্তু তাৰ প্ৰতি গুৰুত্ব নিদি একাংশ অসাধু লোকে নিজৰ ন্যস্ত স্বাৰ্থ সিদ্ধিতহে গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। যাৰ ফলত এতিয়া দিচাং নদীত বিহ ঢালি কণীযুক্ত মাছ নিধন কৰাৰ লগতে সেইবোৰ বিক্ৰী কৰি আহিছে।

এই সন্দৰ্ভত ইতিমধ্যে সাপেখাতি আৰক্ষীয়ে দুষ্কৃতিকৰীৰ বিৰুদ্ধে অভিযান চলাইছে যদিও কোনো লোককে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই। আনহাতে দুষ্টচক্ৰৰ এনে কাৰ্যত ক্ষুন্ন হৈ পৰিছে চৰাইদেউ মহকুমা ছাত্ৰ সন্থা আৰু চৰাইদেউ জিলা প্ৰশাসনক অতি শীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।
Input & Photo: Hanseng Konwar