এফালে ৰাজ্যবাসী উঠি পৰি লাগিছে দিহিম-পাটকাইক কয়লা খননৰ পৰা ৰক্ষা কৰিবলৈ আনফালে এচামে অত্যাৱশ্যকীয় সেৱা বুলি কৰি গৈছে অবৈধভাৱে শিল বালিৰ খনন। লখিমপুৰত অবাধ হাৰত চলিছে বনজ সম্পদৰ ধ্বংসযজ্ঞ। লকডাউনৰ মাজতে কিছু অত্যাৱশ্যকীয় সেৱাৰ দোহাই দি নদীৰ পৰা চলিছে এই বনজ সম্পদৰ লুণ্ঠন।

জিলাখনৰ ৰঙানদী, জহিঙত শ-শ ট্ৰাক আৰু ট্ৰেক্টৰত অবৈভাৱে শিল-বালিৰ সৰবৰাহ। কিন্তু এই অবৈধ সৰবৰাহৰ পিছতো চকুমুদা কুলিৰ ভাওত লখিমপুৰৰ DFO জে চি নাথ।

সেয়ে DFO জে চি নাথৰ এনে স্থিতি দেখি তেওঁৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ছাত্ৰ সন্থাৰ। বনজ সম্পদ ধ্বংসকে ধৰি কেইবাটাও দাবী সম্বলিত স্মাৰক পত্ৰ জিলা উপায়ুক্তক।
Photo Credit: @hassinuralom