25 C
Guwahati
Wednesday, October 20, 2021
More

    পৰাজয়ৰ আশংকাত ভুগিছে ইমৰান খান, ক’লে- যুদ্ধ হ’লে পৰাজয় নিশ্চিত

    ইমৰান খানে কাশ্মীৰ সন্দৰ্ভত পৰমানু যুদ্ধ হোৱাৰ সম্ভাৱনাত একমত হয় স্বীকাৰ কৰিলে যে ভাৰতৰ সৈতে যুদ্ধ হ'লে পাকিস্তান হৰাৰ সম্ভাৱনা

    পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে পুনৰ পৰমানু আক্ৰমণৰ ভাবুকি প্ৰদান কৰিলে যদিও ভাৰতৰ সৈতে হোৱা প্ৰচলিত যুদ্ধত পাকিস্তানৰ পৰাজয় হ’ব বুলিও মান্তি হ’ল। যদি যুদ্ধ হয় তেন্তে পৰমানু আক্ৰমণ হোৱাটো নিশ্চিত।

    পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে পুনৰ ভাৰতৰ সৈতে যুদ্ধ হোৱাৰ সম্ভাৱনাৰ কথা ক’লে। ইমৰান খানে কাশ্মীৰ সন্দৰ্ভত পৰমানু যুদ্ধ হোৱাৰ সম্ভাৱনাত একমত হয় স্বীকাৰ কৰিলে যে ভাৰতৰ সৈতে যুদ্ধ হ’লে পাকিস্তান হৰাৰ সম্ভাৱনা। তেওঁ ক’লে যে এই সন্দৰ্ভত পৰিনাম ভয়াৱহো হ’ব পাৰে।

    পাকিস্তানে আৰম্ভ নকৰে পৰমানু যুদ্ধ
    ভাৰতক পৰমানু আক্ৰমণৰ ভাবুকি দিয়া সন্দৰ্ভত উঠা প্ৰশ্নৰ উত্তৰত ইমৰান খানে কৈছিল যে কোনোধৰণৰ বিভ্ৰান্তি নাই, মই যি কৈছিলো সেইটোৰ অৰ্থ হ’ল পাকিস্তানে কেতিয়াও পৰমানু যুদ্ধ আৰম্ভ নকৰে। মই শান্তি বিচাৰো, যুদ্ধ নিবিচাৰো।

    ইমৰান খানে ক’লে, মোৰ মতে যুদ্ধ সমস্যাৰ সমাধান নহয়। যুদ্ধৰ অপ্রত্যাশিত পৰিনাম থাকে। ভিয়েটনাম আৰু ইৰাকৰ যুদ্ধৰ পিছত বহু সমস্যাৰ সৃষ্টি হৈছিল আৰু সেই সমস্যা যুদ্ধ আৰম্ভ কৰাৰ কাৰণতকৈ গম্ভীৰ।

    Photo Credit: indiatoday.in

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং