তিনিচুকীয়াৰ ডিগবৈ বগাপানীত IED উদ্ধাৰ। বগাপানীৰ ডিগবৈ-তিনিচুকীয়া ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে উদ্ধাৰ আই ই ডিটো। সেনা আৰু আৰক্ষীয়ে যুটীয়া অভিযান চলাই IED উদ্ধাৰ কৰে।
ইতিমধ্যে তিনিচুকীয়াৰ দিনজান সেনা চাউনীৰ পৰা বোমা বিশেষজ্ঞৰ দল ৰাওনা হৈছে ঘটনাস্থলীলৈ।IED উদ্ধাৰৰ পিছতে সেনাই অঞ্চলটো ঘেৰাও কৰি ৰাখে ফলত ৰাজপথত আৱদ্ধ হৈ পৰে যান-বাহনসমূহ।
IED উদ্ধাৰৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত।
Photo: Time8