22 C
Guwahati
Sunday, December 5, 2021
More

    ডিব্ৰুগড়ত IED বিস্ফোৰণ সেনাৰ

    উদ্ধাৰ কৰা IEDটো বোমা স্কোৱাডৰ দলে পল্টন বজাৰৰ সমীপৰ প'ল গ্ৰাউণ্ডত নিষ্ক্ৰিয় কৰে

    লকডাউনৰ মাজতেই ডিব্ৰুগড়ত IED বিস্ফোৰণ। ডিব্ৰুগড়ৰ পল্টন বজাৰৰ সমীপৰ প’ল গ্ৰাউণ্ডত সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনা। সেনা বাহিনীৰ দলে সংঘটিত কৰিলে এই বিস্ফোৰণ। উল্লেখ্য যে ভাৰতীয় সেনা আৰু ডিব্ৰুগড় আৰক্ষীয়ে যুটীয়া অভিযান চলাই আটক কৰিছিল এজন সন্দেহজনক আলফা স্বাধীনৰ সদস্যক।

    ডিব্ৰুগড় জিলাৰ টিংখং বাইলুং ভেটি গাঁৱৰ জান্টু বৰুৱা নামৰ সন্দেহজনক আলফা স্বাধীনৰ সদস্যজনৰ পৰা এটা 7.65mm পিষ্টল, সজীৱ গুলীসহ এটা মেগজিন, দুটা IED আৰু IED প্ৰস্তুত কৰা বিভিন্ন সা-সামগ্ৰী সেনাৰ দলটোৱে উদ্ধাৰ কৰে। উদ্ধাৰ কৰা IEDটো বোমা স্কোৱাডৰ দলে পল্টন বজাৰৰ সমীপৰ প’ল গ্ৰাউণ্ডত নিষ্ক্ৰিয় কৰে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং