ICC এদিনীয়া ৰেংকিঙৰ বেটছমেন শাখাৰ শীৰ্ষ আৰু দ্বিতীয় স্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে টীম ইণ্ডিয়াৰ ২ উজ্জল তাৰকা বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই। অষ্ট্ৰেলিয়াৰ সৈতে সদ্যসমাপ্ত এদিনীয়া শৃংখলাটোত প্ৰদৰ্শন কৰা অদমনীয় বেটিং প্ৰদৰ্শনৰ বাবে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ ৰেটিং পইণ্ট বৃদ্ধি পায়।
২ ৰেটিং পইণ্ট বৃদ্ধি পাই ৮৮৬ পইণ্টেৰে বিৰাট কোহলীৰ শীৰ্ষ স্থান অটুট থকাৰ লগতে ৰোহিত শৰ্মাৰো ৩ ৰেটিং পইণ্ট বৃদ্ধি হৈ ৮৬৮ পইণ্টেৰে দ্বিতীয় স্থান নিজৰ দখলত ৰাখিবলৈ সক্ষম হয়। ৭ টা স্থান আগুৱাই শিখৰ ধাৱনে ১৫ নম্বৰ স্থান দখল কৰাৰ লগতে বলিং শাখাৰ শীর্ষস্থানত আছে যশপ্রীত বুমৰাহ।
Photo Credit: DNA India