27 C
Guwahati
Wednesday, December 1, 2021
More

    হাজোত বায়ু সেনাৰ হেলিকপ্টাৰত যান্ত্ৰিক বিজুতি, কথমপি প্ৰাণৰক্ষা ৩ পাইলটৰ

    চৰাবড়ীৰ পথাৰত জৰুৰী অৱতৰণ কৰিব বিচাৰিছিল পাইলটে

    পুৱাই হাজোৰ চৰাবড়ীত হাহাকাৰ। আকাশ মাৰ্গত অস্বাভাৱিকভাৱে ঘূৰি ফুৰে হেলিকপ্টাৰখন। চৰাবড়ীৰ পথাৰত দিকবিদিক হেৰুৱায় ৩ পাক ঘূৰে হেলিকপ্টাৰখন। এই ঘটনাৰ পিছতে হাহাকাৰৰ সৃষ্টি হয় অঞ্চলটোত।

    যান্ত্ৰিক বিজুতি ঘটা বায়ু সেনাৰ ZA410 হেলিকপ্টাৰখনত আছিল ৩ গৰাকী পাইলট। চৰাবড়ীৰ পথাৰত জৰুৰী অৱতৰণ কৰিব বিচাৰিছিল পাইলটে। বোকা ঠাইৰ পৰা ওখ ঠাইত অৱতৰণৰ বাবে সংকেত দিছিল স্থানীয় লোকে।

    হেলিকপ্টাৰত থকা ৩ পাইলটে পথাৰত থকা লোকসকলক আঁতৰি যাবলৈ নিৰ্দেশ প্ৰদান কৰে। যাতে হেলিকপ্টাখন বিস্ফোৰণ হ’লে প্ৰাণৰক্ষা হয় লোকসকলৰ। কিন্তু সফলভাবে অৱতৰণ কৰে হেলিকপ্টাৰখন।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং