ভাৰতীয় বায়ু সেনাৰ উইং কমাণ্ডাৰ অভিনন্দন বৰ্ধমানক স্বাধীনতা দিবসত বীৰ চক্ৰৰে সন্মানিত কৰা হ’ব। ইয়াৰ লগতে বালাকোটত সন্ত্ৰাসবাদী সংগঠনৰ ঠিকনা তচনচ কৰা ভাৰতীয় বায়ুসেনাৰ স্কোৱাড্ৰন লীডাৰ মিণ্টী অগৰৱালকো যুদ্ধ সেৱা পদকেৰে সন্মানিত কৰা হ’ব।

অভিনন্দন বৰ্ধমানে ২৭ ফেব্ৰুৱাৰীত মিগ-২১ ৱাইছনৰ পৰা পাকিস্তানৰ এফ-১৬ যুঁজাৰু বিমান পিছ লোৱাৰ পিছত এখন বিমান ধৰাশায়ী কৰিছিল।
ইয়াৰ পিছতে তেওঁৰ বিমানখন এটা মিছাইলেৰে লক্ষ্য কৰা হৈছিল কিন্তু তাৰ পূৰ্বে তেওঁ বিমানৰ পৰা ওলাই আহিছিল আৰু PoKত আৱদ্ধ হৈ পৰিছিল যদিও ভাৰতৰ কূটনৈতিক হেঁচাত অভিনন্দনক ভাৰতৰ হাতত স–সন্মানে গতাই দিছিল পাকিস্তানে।
পাকিস্তানৰ সীমাত পাকিস্তানী এফ-১৬ বিমান ধৰাশায়ী কৰা উইং কমাণ্ডাৰ অভিনন্দন বৰ্ধমানক পুনৰ মিগ-২১ যুঁজাৰু বিমান উৰুৱা দেখা পাব। এখন মেডিকেল ৱ’ৰ্ডে তেওঁক পুনৰবাৰ যুঁজাৰু বিমান বহিবলৈ অনুমতি প্ৰদান কৰে।