26 C
Guwahati
Tuesday, September 27, 2022
More

    গোৱালিয়ৰত ভাৰতীয় বায়ুসেনাৰ MiG 21 বিমান দুৰ্ঘটনাগ্ৰস্ত

    আজি পুৱা ১০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা

    মধ্যপ্ৰদেশৰ গোৱালিয়ৰত ভাৰতীয় বায়ুসেনাৰ MiG 21 বিমান দুৰ্ঘটনাগ্ৰস্ত। আজি পুৱা ১০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাগ্ৰস্ত বিমানখন নিয়মিতভাৱে চলোৱা প্ৰশিক্ষণত আছিল আৰু বায়ুসেনা ষ্টেচন গোৱালিয়ৰৰ পৰা ৰাওনা হৈছিল।

    photo credit: moneycontrol.com

    বিমানখন অৱতৰণৰ স্থানৰ ৬ এনএমৰ আনুমানিক দূৰত্বত দুৰ্ঘটনাত পতিত হয়। বিমানখনত থকা দুগৰাকী পাইলটকে সুৰক্ষিতভাৱে ওলাই অনা হয়। দুৰ্ঘটনাৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই। বিমানখনত আছিল এজন গ্ৰুপ কেপ্টেইন আৰু এজন স্কোৱাড্ৰন লীডাৰ।

    Photo Credit: m.dailyhunt.in

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং