27 C
Guwahati
Wednesday, December 1, 2021
More

    ভাৰতলৈ প্ৰত্যাৰ্পণ কৰাৰ আদেশ দিলে আত্মহত্যা কৰিমঃ নীৰৱ মোদী

    উল্লেখ্য যে বুধবাৰে হীৰা ব্যৱসায়ী নীৰৱ মোদীৰ জামিন আৱেদন পঞ্চমবাৰলৈ খাৰিজ কৰিলে ব্ৰিটেইনৰ আদালতে

    পিএনবি কোটিটকীয়া কেলেংকাৰীৰ জড়িত পলাতক হীৰা ব্যৱসায়ী নীৰৱ মোদীয়ে বুধবাৰে লণ্ডনৰ ৱেষ্টমিনষ্টাৰ আদালতত ক’লে যে তেওঁক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰাৰ আদেশ দিলে তেওঁ আত্মহত্যা কৰিব। মিডিয়া ৰিপৰ্ট অনুসৰি নীৰৱ মোদীয়ে লগতে ক’লে যে তেওঁক জেলত ৩ বাৰ আক্ৰমণ কৰিছিল।

    ভাৰত চৰকাৰৰ সপক্ষে থকা Crown Prosecution Servicesৰ অধিবক্তা জেমছ লেবিছে ক’লে- নীৰৱৰ মন্তব্যত ধৰা পৰিছে যে তেওঁ পলোৱাৰ উদ্দেশ্যত আছে। উল্লেখ্য যে বুধবাৰে হীৰা ব্যৱসায়ী নীৰৱ মোদীৰ জামিন আৱেদন পঞ্চমবাৰলৈ খাৰিজ কৰিলে ব্ৰিটেইনৰ আদালতে।

    ৱেণ্ডছবৰ্থ কাৰাগাৰত বন্দীত্ব জীৱন কটাই থকা নীৰৱ মোদীয়ে ৪০ লাখ পাউণ্ড জৰিমনা বিহাৰ লগতে তেওঁক কাৰাগাৰৰ পৰিৱৰ্তে নজৰবন্দীত ৰখাৰ বাবে আদালতত আৱেদন জনাইছিল। কিন্তু ৱেষ্টমিনষ্টাৰ আদালতত ন্যায়াধীশ এম্মা অৱৰ্থনাটে মোদীৰ আৱেদন খাৰিজ কৰে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং