28 C
Guwahati
Wednesday, October 27, 2021
More

    হাইদৰাবাদ ধৰ্ষণকাণ্ডৰ ধৰ্ষণকাৰীলৈ ৰাতিৰ আহাৰত মাটন কাৰী !

    ধৰ্ষণকাৰীক মাংসৰে আপ্যায়িত কৰা কথা প্ৰকাশ পোৱাৰ লগে লগে দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া

    বিশ্ব কঁপাই যোৱা হাইদৰাবাদ ধৰ্ষণকাণ্ডৰ ৪ ধৰ্ষণকাৰীক কাৰাগাৰত প্ৰদান কৰা হৈছে ৰাজ আতিথ্য। তেলেংগানাৰ চেৰালপল্লী জে’লত কাৰাবন্দী হৈ থকা মহম্মদ আৰিফ, জল্লু ছিভা, জল্লু নবীন, চিন্টাকুম্তা চেনাকাচাভাল্লু নামৰ ধৰ্ষণকাৰীকেইটাক সোমবাৰে নিশাৰ আহাৰত দিয়া হৈছে ছাগলীৰ মাংস। ধৰ্ষণকাৰীক মাংসৰে আপ্যায়িত কৰা কথা প্ৰকাশ পোৱাৰ লগে লগে দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া।

    জনসাধাৰণে এই কথা সহজভাৱে নোলোৱাৰ কথা কাৰাগাৰ কৰ্তৃপক্ষ অৱগত হোৱাৰ পিছত তেওঁলোকে এই কাৰাগাৰৰ সকলো কয়দীকে ছাগলী মাংস খাবলৈ দিয়াৰ কথা উল্লেখ কৰাৰ লগতে দিনৰ ভাগত কেৱল দাইল আৰু ভাত খাবলৈ দিয়াৰ কথা উল্লেখ কৰে। ধৰ্ষণকাৰী কেইটাক ফাঁচী দিয়াৰ দাবীত সমগ্ৰ দেশ জাগি উঠাৰ সময়তে স্বয়ং কাৰাগাৰ কৰ্তৃপক্ষই ডিনাৰত মাটন কাৰী খাবলৈ দিয়াটো বিচাৰ্যৰ বিষয় হৈ পৰিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং