25 C
Guwahati
Monday, October 25, 2021
More

    লংকাত ৰহস্যজনক অৱস্থাত উদ্ধাৰ স্বামী-স্ত্ৰীৰ মৃতদেহ

    নিশা কাজিয়াত লিপ্ত হৈছিল দুয়ো স্বামী-স্ত্ৰী

    লংকাৰ ২ নং পিপল পুখুৰীত মৰ্মান্তিক ঘটনা। ৰহস্যজনক অৱস্থাত উদ্ধাৰ স্বামী-স্ত্ৰীৰ মৃতদেহ।এজোপা গছত চিপ লোৱা অৱস্থাত উদ্ধাৰ স্বপন মিশ্ৰৰ মৃতদেহ। অন্যহাতে বাসগৃহৰ ভিতৰত উদ্ধাৰ হৈছে পত্নী মঞ্জু মিশ্ৰৰ মৃতদেহ।

    স্বামীয়ে পত্নীক ডিঙি চেপি হত্যা কৰি আত্মহত্যা কৰাৰ সন্দেহ।মহিলাগৰাকীৰ দেহত আঘাতৰ চিন স্পষ্ট। নিশা কাজিয়াত লিপ্ত হৈছিল দুয়ো স্বামী-স্ত্ৰী। পিতৃ-মাতৃয়ে কাজিয়াত লিপ্ত হোৱা প্ৰত্যক্ষ কৰিছিল ৪ বছৰীয়া পুত্ৰই। ইতিমধ্যে ঘটনাস্থলীত দণ্ডাধীশ,আৰক্ষীৰ উপস্থিতিত মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং