28 C
Guwahati
Wednesday, October 27, 2021
More

    মৰিগাঁৱত হাত ভৰি বান্ধি কেৰাচিন ঢালি পত্নীক জ্বলাই দিলে স্বামীয়ে

    শৰীৰৰ প্ৰায় ৮০ শতাংশ অগ্নিদগ্ধ হৈছে দুৰ্ভগীয়া মহিলাগৰাকীৰ

    নাৰী নিৰ্যাতনৰ বিৰুদ্ধে বিভিন্ন দল, সংগঠনৰ ব্যাপক প্ৰতিবাদ আৰু সজাগতা সৃষ্টিৰ পিছতো সমাজত অব্যাহত আছে নাৰী নিৰ্যাতনৰ ঘটনা। শেহতীয়াভাৱে মৰিগাঁও জিলাৰ লাহৰীঘাটৰ বোৱালগুৰি গাঁৱত সংগঠিত হৈছে এক জঘন্য ঘটনা। হাত ভৰি বান্ধি স্বামীয়ে কেৰাচিন ঢালি জ্বলাই দিয়ে নিজ পত্নীক।

    বিগত ৬-৭ দিন ধৰি প্ৰচণ্ড বিষ আৰু যান্ত্ৰণাত চট ফটাই আছে আকতাৰা খাতুন নামৰ দুৰ্ভগীয়া মহিলাগৰাকী। স্বামী আব্দুল মালেকে নিজ গৃহতেই পত্নীক জ্বলাই দিয়া ঘটনাটোত স্বামী পৰিয়ালৰ আন কেইবাগৰাকী ব্যক্তিয়ে সহযোগ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

    শৰীৰৰ প্ৰায় ৮০ শতাংশ অগ্নিদগ্ধ হৈ নগাবন্ধাৰ পিতৃ গৃহত মৃত্যুৰে যুঁজি আছে দুৰ্ভগীয়া মহিলাগৰাকী। পুত্ৰীৰ এনে অৱস্থা দেখী বৰ্তমান পিতৃৰো অৱস্থা সংকটজনক। ইতিমধ্যে লাহৰীঘাট বৰচলা আৰক্ষী চকীত অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ৩২৪/৩০৭/৩৪ ধাৰাত ৪১/২০২০ নম্বৰত গোচৰ ৰুজু হৈছে। পিছে বৰচলা আৰক্ষীৰ বিৰুদ্ধে অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পৰিৰ্বতে গোচৰ ৰুজু কৰিয়েই নিজৰ দায়িত্ব সামৰাৰ অভিযোগ।

    Inputs And Photo Credit: WASIM HUSSAIN

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং