শিৱসাগৰৰ বকতা নেমুগুৰিত নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত। পত্নীক ইটাৰে মূৰত মৰিয়াই মৰিয়াই পুখুৰীলৈ দলিয়ালে পাষাণ স্বামীয়ে। দুটি সন্তানৰ মাতৃ মুন্নী গোৱালাক নৃশংসভাৱে হত্যা কৰে স্বামী বীৰেণ গোৱালাই।
সন্তানৰ কাপোৰক কেন্দ্ৰ কৰি প্ৰথমে দুয়োৰে মাজত সংঘাত আৰু তাৰ পিছতে এই সংঘাতে ল’লে ভয়ংকৰ পৰিণতি।
স্বামীৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলাগৰাকীক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিত্সাধীন অৱস্থাতে মৃত্যুক সাৱটি লয় মহিলাগৰাকীয়ে।
হত্যাকাৰী বীৰেন গোৱালাৰ পিতৃয়ে আৰক্ষীৰ আগত স্বীকাৰ কৰে পুত্ৰই বোৱাৰীয়েকক হত্যা কৰাৰ কথা। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে শিৱসাগৰ অসামৰিক চিকিৎসালয়তে বকতা নেমুগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হত্যাকাৰীক।