26 C
Guwahati
Thursday, September 29, 2022
More

    জঘন্য! বোৱাৰীক জ্বলাই দিলে স্বামী-শাহুয়ে, শৰীৰৰ ৮০ শতাংশ অগ্নিদগ্ধ

    অগ্নিদগ্ধ মহিলাগৰাকীক প্ৰথমে নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে

    পুনৰ অমানুষিক ঘটনা সংঘটিত হৈছে নগাঁৱৰ জুৰীয়াত। কিছুদিন পূৰ্বে জুৰীয়াৰ ধিং গাঁৱৰ এগৰাকী বোৱাৰীক স্বামীয়ে জ্বলাই হত্যা কৰাৰ চাঞ্চল্য মাৰ নৌযাঁওতেই জুৰীয়াৰ পৰমাইভেটিত পুনৰ এনে এক নৃশংস ঘটনা সংঘটিত হয়।

    নগাঁৱৰ জুৰীয়াত এগৰাকী বোৱাৰীক স্বামী আৰু শাহুয়ে মিলি জ্বলাই দিয়াৰ অভিযোগ শৰীৰৰ ৮০ শতাংশ অগ্নিদগ্ধ মহিলাগৰাকীৰ। জোনমনি বেগম নামৰ মহিলাগৰাকীয়ে ডেৰ বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল পৰমাইভেটি গাঁৱৰ ইমজামূল হকৰ সৈতে। বিয়াৰ পিছৰ পৰাই স্বামী পৰিয়ালৰ নিৰ্যাতন সহ্য কৰি অহা মহিলাগৰাকীক শুকুৰবাৰে পুৱা জ্বলাই দিয়ে স্বামীৰ পৰিয়ালে।

    শৰীৰৰ ৮০ শতাংশ অগ্নিদগ্ধ হোৱা মহিলাগৰাকীয়ে দিলে এই চাঞ্চল্যকৰ স্বীকাৰোক্তি। বোৱাৰী হিচাপে পচন্দ নোহোৱাৰ বাবেই নিৰ্যাতন কৰি অহা স্বামী আৰু শাহুৱে জ্বলাই দিয়াৰ অভিযোগ কৰিছে মহিলাগৰাকীয়ে।

    অগ্নিদগ্ধ মহিলাগৰাকীক প্ৰথমে নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে।

    photo credit: wptv.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং