15 C
Guwahati
Friday, January 28, 2022
More

    পাঠগ্ৰহণ এৰি চাইকেল লৈ ৰাজপথত শ শ স্কুলীয়া ছাত্ৰ-ছাত্ৰী, পিছে কিয়?

    পানীবিল উচ্চ মাধ্যমিক বিদ্যালয় আৰু নভকটিয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্র-ছাত্ৰী সকল এইদৰে ওলাই আহে ৰাজপথলৈ

    টিংখাঙৰ পৰা মেৰবিললৈ দুই শতাধিক ছাত্র ছাত্ৰীৰ চাইকেল ৰেলী। বুধবাৰে পুৱা টিংখাঙৰ দুখনকৈ বিদ্যালয়ৰ প্ৰায় দুই শতাধিক ছাত্র ছাত্ৰীয়ে প্ৰকৃতি সুৰক্ষাৰ বাবে গ্ৰহণ কৰে এক প্ৰসংশনীয় পদক্ষেপ।

    টিংখাঙৰ পানীবিল উচ্চ মাধ্যমিক বিদ্যালয় আৰু ৰাজগড়স্থিত নভকটিয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্র-ছাত্ৰী সকলে ৰাজগড় পৰা নাহৰকটিয়া চাচনী মেৰবিললৈ পৰিৱেশ সজাগতা লক্ষ্যৰে কৰে চাইকেল ৰেলী।

    ছাত্র ছাত্ৰী সকলে হাতে হাতে পৰিৱেশ সজাগতাৰ প্লে কাৰ্ড লৈ টিংখাঙৰ ৰাজগড়ৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ পথ চাইকেল চলাই অতিক্ৰম কৰি নাহৰকটিয়া চাচনী মেৰবিললৈ ৰাওনা হয়। পানীবিল উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কৃষ্ণ শইকীয়া আৰু নভকটীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহেশ সিঙৰ নেতৃত্বত এই ৰেলী কৰে।

    ছাত্ৰ-ছাত্ৰী সকলে বৰ্তমান সময়ত সৃষ্টি হোৱা প্ৰকৃতিৰ ভয়াবহ প্ৰদূষণ ৰোধ কৰা আৰু বন্যপ্ৰাণী হত্যা বন্ধ কৰি প্ৰকৃতি সুৰক্ষিত কৰিবলৈ সজাগতা বৃদ্ধিৰ লক্ষ্যৰে কৰে এই ৰেলী।

    Photo Credit: Dipak Gogoi

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং