31 C
Guwahati
Wednesday, September 28, 2022
More

    সমাগত বিটিচি নিৰ্বাচন, তাৰ পূৰ্বে অস্ত্ৰভাণ্ডাৰ উদ্ধাৰ কৰিলে আৰক্ষীয়ে

    চিৰাং জিলাত হাবিৰ মাজত পুতি থোৱা অৱস্থাত আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই জব্দ কৰে মাৰণাস্ত্ৰখিনি

    বিটিচি নিৰ্বাচনৰ পূৰ্বে বহু পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ কৰিলে আৰক্ষীয়ে। অসমৰ চিৰাং জিলাত হাবিৰ মাজত পুতি থোৱা অৱস্থাত আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই জব্দ কৰে মাৰণাস্ত্ৰখিনি।

    সোমবাৰে 5th Garhwal Rifles আৰু 54 Bn SSBৰ সহযোগত পাণবাৰী থানাৰ পৰা ১৮ কিলোমিটাৰ নিলগত বনাঞ্চলিক এলেকাত অভিযান চলাই অবৈধ মাৰণাস্ত্ৰখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী। চিৰাং জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে জনালে এই কথা।

    ২০টা ৰাইফল, ৫৬টা 7.62 AK series পিষ্টল, ১০টা 5.56 পিষ্টল, ২১টা 7.62 স্নীপাৰ পিষ্টল, ১০টা 7.62 পিকা পিষ্টল, ২৯টা 7.62 CTN, এটা M 20 পিষ্টল, ৫টা দেশত নিৰ্মিত পিষ্টল, ৮৩টা খালী কাৰ্টিজ, 7.62 পিষ্টলৰ ৩টা মেগজিন, .22 পিষ্টলৰ এটা মেগজিন, ১৭ কেজি বিস্ফোৰক সামগ্ৰীৰ লগতে বিভিন্ন সামগ্ৰী জব্দ কৰে অভিযানকাৰী দলে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং