27 C
Guwahati
Wednesday, October 13, 2021
More

    ৩ ঘণ্টাৰ পিছতেই মৃত্যুক সাৱটি ল’লে নৱজাতকে; তাৰপিছত কি কৰিলে মাতৃয়ে? জানিলে আপুনিও হ’ব আৱেগিক

    সকলো কথা জানিও সন্তানটিক মাথো এবাৰ স্পৰ্শ কৰি চোৱাৰ অনুভৱ ল’বলৈ ছিয়েৰাই সন্তানটি জন্ম দিলে৷ অলপ সময়ৰ বাবে হ’লেও তেওঁ দিব বিচাৰিছিল শিশুটিক মাতৃত্বৰ উম

    মাতৃত্ব ভগৱানৰ আটাইতকৈ মূল্যৱান উপহাৰ আৰু মাতৃদুগ্ধ অমৃত হিচাপে বিবেচিত হৈ আহিছে৷ পৃথিৱীৰ প্ৰতিগৰাকী নাৰীয়েই মাতৃত্বৰ গৌৰৱৰে গৌৰাৱান্বিত হ’বলৈ বিচাৰে৷ কিন্তু যেতিয়া এগৰাকী মাতৃয়ে গম পাই যে তেওঁৰ সন্তান মাথো কেইঘণ্টামানৰ কাৰণেহে পৃথিৱীৰ আলহী সেই অনুভৱ কিমান যন্ত্ৰণাদায়ক সেয়া বৰ্ণনাতীত৷ আমেৰিকাৰ ছিয়েৰা ষ্ট্ৰেংগফেল্ড নামৰ এগৰাকী মাতৃৰ কাহিনীয়ে সকলোকে আৱেগিক কৰি তুলিছে৷ মহিলাগৰাকীৰ সন্তান জন্ম হৈ মাথো ৩ ঘণ্টাৰ বাবেহে জীয়াই আছিল৷ সেই কথা তেওঁ পূৰ্বৰে পৰা জানিছিল৷ চিকিৎসকে ছিয়েৰা ষ্ট্ৰেংগফেল্ডক সন্তানটি জন্ম নিদিবলৈ কৈছিল কাৰণ সন্তানটি trisomy 18 নামৰ এক ৰোগত আক্ৰান্ত, যি ৰোগৰ পৰা নৱজাতকৰ জীৱন বচোৱা কেতিয়াও সম্ভৱ নহয়৷

    সকলো কথা জানিও সন্তানটিক মাথো এবাৰ স্পৰ্শ কৰি চোৱাৰ অনুভৱ ল’বলৈ ছিয়েৰাই সন্তানটি জন্ম দিলে৷ অলপ সময়ৰ বাবে হ’লেও তেওঁ দিব বিচাৰিছিল শিশুটিক মাতৃত্বৰ উম৷ সেই ৩ ঘণ্টা যেন ৩ মিনিটতে উকলি গ’ল তেওঁ তেনে অনুভৱ কৰিছিল৷ সন্তানটি ছিয়েৰাৰ কোঁচত থাকোতেই তেওঁ সিদ্ধান্ত ল’লে যে তেওঁ তেওঁৰ মাতৃদুগ্ধ দান কৰিব সেইসকল শিশুক, যাৰ ইয়াৰ প্ৰয়োজন আছে৷ তেওঁ কয়-মোৰ সন্তানটিৰ জন্ম আৰু মৃত্যু মোৰ নিয়ন্ত্ৰণত নাই৷ কিন্তু মোৰ মাতৃদুগ্ধৰ ওপৰত মোৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ আছে৷

    When I found out I was pregnant again, I wanted nothing more than to be successful at breastfeeding.But when we found…

    Posted by Sierra Strangfeld on Wednesday, November 13, 2019

    মোৰ মাতৃদুগ্ধৰ জৰিয়তে যদি মই নৱজাতক শিশুৰ প্ৰাণ বচাবো পাৰো মোৰ ভাল লাগিব৷ ৬৩ দিনলৈকে ছিয়াৰাই পাম্পিঙৰ জৰিয়তে মাতৃদুগ্ধ একগোট কৰি ১৫ লিটাৰ গাখীৰ মাডাৰ্ছ মিল্ক বেংকত দান দিয়ে৷ ফেচবুকত এই অনুভৱ সম্পৰ্কে ছিয়েৰা ষ্ট্ৰেংগফেল্ডে লিখিছে- পাম্পিং অতি কষ্টকৰ কাম৷ শাৰিৰীক আৰু মানসিক ভাৱে দুয়োটা দিশৰ পৰাই ই অতি কষ্টকৰ৷ সেয়া অতি যন্ত্ৰণাদায়ক হয় যেতিয়া আপোনাৰ সন্তান আপোনাৰ লগত নাথাকে৷
    ছিয়েৰা ষ্ট্ৰেংগফেল্ডৰ মাতৃত্ববোধে এতিয়া সকলোতে চৰ্চা লাভ কৰিছে৷

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং