চৰকাৰে বাৰম্বাৰ সজাগ কৰি অহাৰ পিছতো মাস্ক নিপিন্ধাকৈ বজাৰলৈ অহা একাংশ লোকৰ বিৰুদ্ধে আজি পুনৰ কঠোৰ হ’ল হাওৰাঘাট আৰক্ষী৷ মাস্ক নিপিন্ধাকৈ বজাৰ কৰিবলৈ অহা লোকক বস্তু নিদিবলৈ দোকানীসকলক হাওৰাঘাট আৰক্ষীৰ সকীয়নি। কাম নোহোৱাকৈ এনে ঘূৰি ফুৰা লোকক শনিবাৰে চৰম বেত্ৰাঘাত কৰে আৰক্ষীয়ে৷ মাস্ক নিপিন্ধিলে হাওৰাঘাটত এতিয়াৰে পৰা সামগ্ৰী বিক্ৰী-ক্ৰয় সম্পূৰ্ণ বন্ধ কৰিলে আৰক্ষীয়ে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৪০ দিনীয়া লকডাউন ঘোষণা কৰাৰ পিছতে এতিয়া সকলো লোক আৱদ্ধ হৈ পৰিছে ঘৰতে। লকডাউনৰ সময়ছোৱাত কাম নোহোৱাকৈ ঘূৰি ফুৰা লোকৰ বিৰুদ্ধে চৰকাৰ আৰু প্ৰশাসনৰ লোক কঠোৰ হৈ পৰিছে। প্ৰথম পৰ্যায়ৰ লকডাউনত আৰক্ষী অধিক কঠোৰ হৈ পৰিছিল যদিও দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ সময়ছোৱাত অৰ্থাৎ ২০ এপ্ৰিলৰ পৰা কিছু শিথিল হৈ পৰে লকডাউন।
লকডাউন শিথিল হয় যদিও বাহিৰলৈ কোনো লোক ওলাই আহিলে মুখত মাস্ক পৰিধান কৰা আৰু সামাজিক দূৰত্ব বজাই ৰখাৰ ক্ষেত্ৰত আৰক্ষী যথেষ্ট কঠোৰ হৈ পৰিছে। মুখত মাস্ক পৰিধান নকৰা লোকসকল আৰু এনে ঘূৰি ফুৰা লোকসকলৰ ওপৰত পৰিছে আৰক্ষীৰ লাঠি।
Photo: Time8