আৰু কেইটামানহে মুহূৰ্ত বাকী। উত্কণ্ঠাৰ অন্ত পেলাই আজি প্ৰকাশ পাব জাতিৰ দলিল হিচাপে অভিহিত কৰি অহা বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী। পুৱা ১০ বজাৰ লগে লগে অন্ত পৰিব অপেক্ষা-উত্কণ্ঠাৰ।
যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় তাৰ বাবে তত্পৰ হৈ পৰিছে আৰক্ষী–প্ৰশাসনৰ লোক, গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী। NRCক লৈ পৰিৱেশ বিনষ্ট কৰিব বিচৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ইতিমধ্যে আৰক্ষীক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
চূড়ান্ত NRCত অফলাইনযোগে কেনেকৈ চাব নাম?
NRCত নাম নথকাসকলে চাব লাগিব অতিৰিক্ত তালিকা
NSK, চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপলব্ধ হ’ব এই তালিকা
উপায়ুক্তৰ কাৰ্যালয়তো আপুনি লাভ কৰিব সকলো তথ্য

NRCত কেনেকৈ পাব আপোনাৰ নাম?
অনলাইনযোগেও NRCত নাম চাব পাৰিব আপুনি
নাম চাবলৈ যাওতে লগত লৈ যাব লাগিব ARN নম্বৰ
মূল, কৰ্তন তালিকাত নাম থকা সকলে NSKত চাব লাগিব নাম
NRCৰ বেৱচাইটত ARN টাইপ কৰি নাম চাব পাৰিব আপুনি
NRCত নাম থকা-নথকা সম্পৰ্কে অনলাইনযোগে জানিবলৈ কৰিব কি?
প্ৰথমে লগ ইন কৰিব ৱেবছাইট www.nrcassam.nic.in বা www.assam.mygov.inত
ক্লিক কৰিব Supplementary Inclusions/Exclusions Lists (Final NRC) status এই লিংকটোত
তাৰ পিছতে ARN নম্বৰ টাইপ কৰি নাম আছে নে নাই জানিব পাৰিব আপুনি