NRC প্ৰকাশ পাবলৈ মাজত আছে মাত্ৰ ৩ দিন। নাম চাবলৈ NRC সমন্বয়ক প্ৰতীক হাজেলাই ২০১৯ চনৰ ২৭ আগষ্টত প্ৰকাশ কৰিলে এক অধিসূচনা। অন্তিমখন NRC প্ৰকাশ পাব ২০১৯ চনৰ ৩১ আগষ্টত। NRC আবেদনকাৰীয়ে কি পৰ্যায়ত আছে ৭ ছেপ্টেম্বৰত অনলাইনযোগে উপলৱ্ধ হ’ব।
কেনেকৈ চাব আপোনাৰ নাম?
২০১৮ চনৰ ৩০ জুলাইত প্ৰকাশিত সম্পূৰ্ণ খচৰাত নাম অন্তৰ্ভুক্ত নোহোৱা লোকসকলে, ২০১৯ চনৰ ২৬ জুনত প্ৰকাশিত অতিৰিক্ত খচৰাত বাদ পৰা লোকসকলে আৰু সম্পূৰ্ণ খচৰাত NRCত অন্তৰ্ভুক্ত হোৱাৰ যিসকল ব্যক্তিৰ বিৰুদ্ধ আপত্তি দাখিল হৈছে তেওঁলোকে নাম চাব পাৰিব- NRC সেৱাকেন্দ্ৰ, চক্ৰবিষয়াৰ কাৰ্যালয় আৰু উপায়ুক্তৰ কাৰ্যালয়ত। ARN টাইপ কৰি নাম অন্তৰ্ভুক্তিৰ স্থিতি চাব পাৰিব।

www.nrcassam.nic.inত উপলব্ধ হ’ব NRC । যিকোনো সমস্যাৰ বাবে বিনামূলীয়া হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। অসমৰ বাবে ১৫১০৭ নম্বৰ আৰু বহিঃৰাজ্যৰ বাবে ১৮০০৩৪৫৩৭৬২ নম্বৰ মুকলি কৰা হৈছে। ২৪ ঘণ্টাই উপলব্ধ হ’ব এই দুয়োটা নম্বৰ।