22 C
Guwahati
Wednesday, October 27, 2021
More

    আগতে পিন্ধিছিল বিকিনি এতিয়া বোৰ্খা, ইৰাণৰ এই পৰিৱৰ্তন দেখিলে হতভম্ব হৈ পৰিব আপুনি

    সদ্যহতে ইৰাণত ৮গৰাকী শিল্পীয়ে ছচিয়েল মিডিয়াত কোনো মডেলৰ ফটো আপলোড কৰাক লৈ শাস্তি হিচাপে জেলত ভৰাই থোৱা হৈছিল

    এখন ৰক্ষণশীল সমাজ, বোৰ্খা পৰিহীতা মহিলা চাৰিওফালে। দেশখনত মহিলাই বোৰ্খা আৰু হিজাব পৰিধান কৰাটো একপ্ৰকাৰ আইন। কোনোৱে যদি এই আইন অমান্য কৰে তেন্তে শাস্তি হয় একেবাৰে কঠোৰ। আনকি মুকলিমুৰীয়াকৈ থকা খোৱাও যেন অপৰাধ এইদেশ খনত। নোৱাৰে খোলা মনেৰে কোনো কাম কৰিব। এই দেশখন হৈছে মধ্যপ্ৰাচ্যৰ ইৰাণ।

    পিছে ৭০ৰ দশকত এনে নাছিল ইৰাণ। পশ্চিমীয়া দেশ সমুহতকৈয়ো অধিক আগবঢ়া আছিল এইখন দেশৰ নাৰী। কাপোৰৰ ক্ষেত্ৰত নাছিল কোনো বাধ্যবাধকতা। বোৰ্খাৰ সলনি মুকলিমুৰীয়াকৈ পিন্ধিছিল বিকিনি। পুৰুষৰ লগত সমানে ঘুৰি ফুৰিছিল নাৰী। পুৰুষসকলৰ মাজতো নাছিল কোনো চিন্তাৰ কাৰণ। মৃত্যুৰ ভয় নহোৱাকৈ শান্তি মনেৰে ওলোৱা সোমোৱা কৰিছিল সকলোতে। পিছে ইছলমিক ক্ৰান্তি অহাৰ পিছত সকলো থানবান হৈ পৰি দেশখনত। ছবি, সংগীত আদিতো আহি পৰে বাধাৰ প্ৰাচীৰ।

    সদ্যহতে ইৰাণত ৮গৰাকী শিল্পীয়ে ছচিয়েল মিডিয়াত কোনো মডেলৰ ফটো আপলোড কৰাক লৈ শাস্তি হিচাপে জেলত ভৰাই থোৱা হৈছিল। কাৰণ হিচাপে কোৱা হৈছে, তেওঁলোকে আঠোগৰাকী শিল্পীয়ে হেনো ইৰাণৰ সংস্কৃতিৰ ওপৰত বিৰোপ প্ৰভাৱ পেলাইছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং