27 C
Guwahati
Monday, November 29, 2021
More

    পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি, পত্নীক হত্যা কৰি পুতি থ’লে ঘৰতেই

    খুকুৰীৰে হানি খুচি হত্যা কৰে পত্নীক

    লকডাউনৰ মাজতে বাক্সাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড৷ বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ ২ নং শান্তিপুৰত সংঘটিত এই হত্যাকাণ্ড৷ পাৰিবাৰিক কন্দলেই মূল কাৰণ এই হত্যাকাণ্ডৰ৷ স্বামীয়ে হত্যা কৰি নিজ বাসগৃহতেই পুতি থ’লে পত্নীৰ মৃতদেহ৷ যোৱা ১৪ মে’ত সংঘটিত হৈছিল এই নৃশংস হত্যাকাণ্ড৷

    ঘটনাৰ বিৱৰণী মতে বাক্সা জিলাৰ নিকাছী আৰক্ষী থানাৰ অন্তৰ্গত ২ নং শান্তিপুৰৰ লেবেল ৰামচিয়াৰী আৰু পত্নী ফেচী ৰামচিয়াৰীৰ মাজত নিতৌ সংঘটিত হৈ আহিছিল মাৰপিটৰ ঘটনা৷ স্বামী লেবেল ৰামচিয়াৰীয়ে পত্নীৰ অন্য পুৰুষৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহ কৰি আহিছিল৷ যাৰ পৰিণতিত বিগত ১৪ মে’ৰ নিশা সাধাৰণ কাজিয়াৰ অজুহাততে লেবেল ৰামচিয়াৰীয়ে পত্নীক খুকুৰীৰে হানি খুচি হত্যা কৰে৷

    পিচত তিনি সন্তানৰ মাতৃগৰাকীক নিশাই ঘৰৰ ভিতৰতে গাত খান্দি পুতি থয়৷ কিন্তু বিগত পাঁচ দিনে মহিলাগৰাকীক নেদেখি গাঁওৰ মানুহে স্বামীক হেচা প্ৰয়োগ কৰাত আজি গাঁওবুঢ়া সোমনাথ শৰ্মাক পত্নী হত্যা কৰি ঘৰৰ ভিতৰতে পুতি থোৱা বুলি স্বীকাৰ কৰে৷

    পিচত ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত মুছলপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মনোজ দলেৰ উপস্থিতিত গাত খান্দি মৃতদেহতো উদ্ধাৰ কৰে৷ আৰক্ষীয়ে হত্যাকাৰী গ্ৰেপ্তাৰ কৰি পিচত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰে৷

    Photo credit: @nandaburathokichetry

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং