গোৱালপাৰাৰ বীৰসিং হেলাঙাচৰত লোমহর্ষক হত্যাকাণ্ড। প্ৰেমিকে নিশা মাতি নি হত্যা কৰিলে প্ৰেমিকাক। হত্যা কৰি পেলাই থৈ যায় পথাৰৰ মাজত। গোৱালপাৰা জিলাৰ পঞ্চৰত্ন নদী আৰক্ষী থানাৰ অন্তৰ্গত বীৰসিং হেলাঙাচৰত যোৱা নিশা সংঘটিত হৈছে এই হত্যাকাণ্ড।
হত্যাকাণ্ডকলৈ এতিয়া সমগ্ৰ অঞ্চলটোতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি বীৰসিং হেলেঙাচৰৰ নূৰ হুছেইন মণ্ডলে কন্যাক নিশা ৰমজানৰ ৰোজাৰ ছেহৰী ৰন্ধাৰ বাবে মাতি নিবলৈ আহি দেখা নাপাই গোটেই ঘৰ লগতে ওচৰ পাজৰতো বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰে। পিছে অৱশেষত পুৱাৰ ভাগতহে ওচৰৰ পথাৰত উদ্ধাৰ হয় কন্যাৰ মৃতদেহ।

মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে স্থানীয় লোকে পঞ্চৰত্ন নদী আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰে।
ইতিমধ্যে উক্ত হত্যাকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত একে গাঁৱৰে আয়নাল হকৰ পুত্ৰ আব্দুল আজিজ মণ্ডলক আটক কৰা হৈছে। আব্দুল আজিজ মণ্ডলে যুৱতী গৰাকীৰ সৈতে দীৰ্ঘদিনৰ পৰাই প্ৰেমৰ সম্পৰ্ক বজাই ৰাখিছিল বুলি গাঁওবাসীৰ মন্তব্য।
Photo Credit: @monzuralom