17 C
Guwahati
Monday, November 29, 2021
More

    চামগুৰিত ট্ৰাক আৰু নৈশ বাছৰ ভয়ংকৰ মুখামুখি সংঘৰ্ষ, থিতাতে নিহত বাছ চালক

    নগাঁও জিলাৰ অন্তৰ্গত চামগুৰিৰ গটঙাত পুৱাই সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। ট্ৰাক আৰু নৈশ বাছৰ মাজত ভয়ংকৰ মুখামুখি সংঘৰ্ষ। এই দুৰ্ঘটনাটিৰ ফলত নৈশবাছ খনৰ চালক জন থিতাতে নিহত হয়। লগতে গুৰুতৰভাৱে আহত হৈছে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন। আহত দুয়োগৰাকীকে ততাতৈয়াকৈ নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

    পিছে সৌভাগ্যৰ কথা যে নৈশ বাছখনত কোনো যাত্ৰী নাছিল । লগতে নাছিল কোনো হেণ্ডিমেন। কেৱল চালকজনে অকলেই চলাই আহিছিল বাছখন। নগাঁও আৰক্ষী ঘটনাস্থলিত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰিছে লগতে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। পিছে বাতৰি লিখা পৰলৈকে উদ্ধাৰ হোৱা নাই নিহত চালকজনৰ পৰিচয়।

    Photo Credit: @batssamhaque

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং