27 C
Guwahati
Friday, May 20, 2022
More

    ভয়ংকৰ দুৰ্ঘটনা; ৰৈ থকা ট্ৰাকট খুন্দা আইটেনৰ, বহু দূৰলৈ চিটিকি পৰিল চালক-হেণ্ডিমেন

    তেজেৰে তুমৰলি অৱস্থাত উদ্ধাৰ দুয়োজন

    আজি পুৱাই ক্ষেত্ৰী হাইস্কুলৰ সমীপৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ানক পথ দূৰ্ঘটনা। এই দূৰ্ঘটনাত আহত দুজন লোকৰ অৱস্থা অতি সংকটজনক। ৰৈ থকা ট্ৰাকট খুন্দা আইটেনৰ যাৰ ফলত বহু দুৰলৈ চিটিকি পৰিল চালক আৰু হেণ্ডিমেন।

    ঘটনাৰ বিৱৰণী অনুসৰি AS08 AC/7590 নম্বৰৰ ট্ৰাকখনৰ চকাৰ বিজুতি হোৱাত ট্ৰাক খনৰ চালক আৰু হেণ্ডিমেনে বাটৰ কাষতে গাড়ী ৰখাই মেৰামতি কৰি আছিল। সেই সময়তে মহানগৰ অভিমুখী AS01 DN/8391 নম্বৰ তীব্ৰ বেগী গ্ৰেণ্ড আইটেন বাহন খনে ৰৈ থকা ট্ৰাক খনত খুন্দা মাৰে।

    যাৰ ফলত বহু দূৰলৈ চিটিকি পৰে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন। গুৰুত্বৰ ভাৱে আঘাটপ্ৰাপ্ত হয় দুয়োজন। তেজেৰে তুমৰলি দিয়ে দুয়োৰে শৰীৰ। ততাতৈয়া কৈ স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে আহত দুয়োজনকে চিকিৎসালয়ত ভৰ্তি কৰে যদিও দুয়োজনৰে অৱস্থা অতি সংকটজন বুলি জানিব পৰা গৈছে।

    Photo credit: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং