19 C
Guwahati
Monday, February 6, 2023
More

    যোৰহাটত ভয়ংকৰ কাণ্ড, আইচ’লেচন ৱাৰ্ডত ৰখা ৰোগীৰ মৃতদেহ ওলাল মৰ্গত

    শুকুৰবাৰ ১৪ জুন তাৰিখে পৰিয়ালৰ বাৰম্বাৰ হেচা আৰু তৎপৰতাত ৰোগীজনৰ মৃতদেহ উদ্ধাৰ হয় চিকিৎসালয়ৰ মৰ্গত

    যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ভয়ংকৰ কাণ্ড! আইচ’চলেচনত ৰখা ৰোগীৰ মৃতদেহ ওলাল মৰ্গত।

    মৃত্যু হোৱাৰ ৮ দিন উকলি যোৱাৰ পাছতো খবৰ নিদিলে পৰিয়ালক। চাহ জনগোষ্ঠীৰ লোক হোৱা বাবে অৱহেলা কৰাৰ ভয়ানক অভিযোগ পৰিয়ালৰ।

    মৃত ব্যক্তিগৰাকীৰ নাম কালেশ্বৰ ওৰাং। ঘৰ টীয়কৰ নগাদেৰা দীঘলী চাপৰিত।

    পৰিয়ালৰ লোকে অৱগত কৰা অনুসৰি, কালেশ্বৰ ওৰাং বৃক্কজনিত ৰোগত আক্ৰান্ত হোৱাত যোৱা ১০ জুনত চিকিৎসাৰ বাবে লৈ গৈছিল যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ।

    সেইসময়ত ৰোগীজনৰ প্ৰচণ্ড জ্বৰ হৈ থকাত ভৰ্তি কৰে চিকিৎসা মহাবিদ্যালয়ৰ আইচ’লেচন ৱাৰ্ডত।

    বাৰে বাৰে কাকুতি মনতি কৰিও কোনো সদুত্তৰ নাপাই।

    অৱশেষত টীয়ক চাহ বাগিচা কৰ্তৃপক্ষৰ সহায় লৈ বৃহস্পতিবাৰে পুনৰ ৰোগীৰ ঠিকনা বিচৰাত ১৩ জুনৰ দিনাই ৰোগী চিকিৎসালয়ৰ পলায়ন কৰে বুলি অৱগত কৰে।

    আৰু শুকুৰবাৰে ১৪ জুন তাৰিখে পৰিয়ালৰ বাৰম্বাৰ হেচা আৰু তৎপৰতাত ৰোগীজনৰ মৃতদেহ উদ্ধাৰ হয় চিকিৎসালয়ৰ মৰ্গত।

    পৰিয়ালৰ অভিযোগ অনুসৰি, উঠিব নোৱাৰা ৰোগীজন কেনেদৰে পলায়ন কৰিলে?

    চাহ বাগিচাৰ লোক হোৱাৰ বাবে এনে অৱহেলা নেকি চিকিৎসালয় কৰ্তৃপক্ষৰ?

    তেওলোকৰ এটাই আহ্বান- এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয়।

    Photo Credit: @Bhaskar Jyoti Borah

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং