15 C
Guwahati
Friday, January 28, 2022
More

    ভয়ংকৰ গৰাখহনীয়া, বিঘাই বিঘাই গছে সৈতে খহিছে লুইতৰ গৰা; চাওক ভিডিঅ’

    বছৰৰ প্ৰথমটো বানে ৰাজ্যত ভয়ংকৰ ৰূপ ধাৰ কৰিছে। বৰষুণৰ পানী আৰু বান্ধ সমুহো খুলি দিয়াত এই বানে আৰু অধিক উগ্ৰ ৰূপ ধাৰণ কৰিছে। প্ৰতি ঘণ্টাত বিঘাই বিঘাই চপৰা-চপৰে খহিছে লুইতৰ গৰা। চকুৰ পলকতে লুইতৰ বুকুত জাহ গৈছে নৈপৰীয়া ৰাইজৰ কৃষি ভূমি।

    বছৰৰ প্ৰথমটো বান ফেনে-ফুটুকাৰে বাঢ়ি অহা লুইতৰ কোবাল সোঁতত তচ-নচ নৈপৰীয়াৰ সপোন। এই দৃশ্য গোলাঘাট জিলাৰ বোকাখাত মহকুমাৰ অন্তৰ্গত বংকোৱালৰ লহৰে চাপৰি অঞ্চলৰ।

    উল্লেখযোগ্য যে বাৰিষাৰ আগমণৰ লগে লগেই শংকিত হৈ পৰে চৰ-চাপৰিবাসী। কিয়নো প্ৰতি বছৰে এনেদৰে এই কালৰূপে গৰাখহনীয়াই নৈপৰীয়া ৰাইজৰ নিদ্ৰাহৰণ কৰি আহিছে৷ ইতিমধ্যে বহু বিঘা মাটি খহাই নিলে বহ্মপুত্ৰৰ কোবাল সোঁতে। সেয়েহে নিৰাপদ স্থানলৈ ঢাপলি মেলিছে শংকিত গঞাই। কিন্তু এনে পৰিস্থিতিৰ পিছতো অঞ্চলবাসীৰ ওচৰত উপস্থিত হোৱা নাই কোনো চৰকাৰী বিষয়াৰ লগতে প্ৰশাসনৰ লোক। যাৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে।

    Photo Credit: Kishen Chetry

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং