18 C
Guwahati
Thursday, November 25, 2021
More

    বটদ্ৰৱাত হোম কোৱাৰাণ্টাইনত থকা মহিলাৰ মৃত্যু

    নগাঁও জিলা উপায়ুক্তই জনোৱা অনুসৰি মৃত মহিলাগৰাকীৰ স্বাৱ পৰীক্ষাৰ ফলাফল নিগেটিভ

    নগাঁৱৰ বটদ্ৰৱা বৰহিছা গাঁৱৰ নিৰু প্ৰভা বৰা নামৰ এগৰাকী মহিলাৰ হোম কোৱাৰাণ্টাইনত থকা অৱস্থাতে মৃত্যু হয়। ১১ মে’ৰ পৰা নগাঁও জিলা স্বাস্থ্য বিভাগৰ লোকে মহিলাগৰাকীৰ লগতে পৰিয়ালৰ ৪ সদস্যক হোম কোৱাৰাণ্টাইনৰ ব্যৱস্থা কৰি দিছিল। উল্লেখ্য যে ২১ এপ্ৰিলত মৃত মহিলাগৰাকী কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে গুৱাহাটী বি বৰুৱা কেঞ্চাৰ হাস্পতাললৈ লৈ গৈছিল পৰিয়ালৰ সদস্যই।

    ১১ মে’ত মহিলাগৰাকীৰ লগতে পৰিয়ালৰ ৪ সদস্যৰ Swab সংগ্ৰহ কৰি স্বাস্থ্য বিভাগে পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছিল। কিন্তু দেওবাৰে নিশা ১ বজাত হোম কোৱাৰাণ্টাইন থকা অৱস্থাতে মহিলাগৰাকীৰ মৃত্যু হয়।

    নগাঁও জিলা উপায়ুক্তই জনোৱা অনুসৰি মৃত মহিলাগৰাকীৰ স্বাৱ পৰীক্ষাৰ ফলাফল নিগেটিভ। উল্লেখ্য যে মৃত মহিলাগৰাকীৰ লগতে পৰিয়ালটোৰ অন্য সদস্যসকলৰো ফলাফল নিগেটিভ বুলি জানিবলৈ দিয়ে উপায়ুক্তই। Swab পৰীক্ষাৰ পূৰ্বে মহিলাগৰাকীৰ মৃত্যুৰ পিছত নগাঁৱৰ বাসিন্দসকলৰ মাজত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছিল।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং