30 C
Guwahati
Wednesday, October 27, 2021
More

    নতুন NRC ৰ পৰা বাদ নপৰে এজনো নাগৰিক তথা অন্তৰ্ভুক্ত নহয় এজনো বিদেশী; অমিত শ্বাহ

    তেওঁৰ দাবি অসমৰ NRC ১০০ শতাংশই শুদ্ধ

    নতুন NRC ৰ পৰা বাদ নপৰে এজনো নাগৰিক তথা অন্তৰ্ভুক্ত নহয় এজনো বিদেশী। এই কথা সদৰি কৰিছে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে। এখন ৰাষ্ট্ৰীয় সংবাদ মাধ্যম যোগে এই কথা সদৰি কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীয়ে। তেওঁৰ দাবি অসমৰ NRC ১০০ শতাংশই শুদ্ধ। অসমৰ NRC ৰ পৰা তেওঁ বহুতো কথা শিকিছে। দেশৰ বাকীবোৰ ৰাজ্যৰ বাবে যেতিয়া NRC তৈয়াৰ কৰা হ’ব তেতিয়া বহু সহায়ক হ’ব অসমৰ NRC ।

    লগতে উল্লেখ কৰে যে এই NRC ত কোনো ধৰণৰ ধৰ্মৰ বিভেদ কৰা নাই সকলোকে সমান চকুৰে চোৱা হৈছে। NRC কেৱল মুছলমান সকলৰ বাবে নহয়, ইয়াৰ জৰিয়তেই যিয়েই দেশৰ নাগৰিক হিচাপে পোৱা নাযাব তাকেই দেশৰ পৰা উলিয়াই বাহিৰ কৰি দিয়া হ’ব।

    আনহাতে নাগৰিকত্ব সংশোধনী আইনৰ ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে কয় যে, এই আইনৰ দ্বাৰা দেশৰ কোনো লোককেই প্ৰতাৰিত কৰা নহয়। বৰঞ্চ চুবুৰীয়া তিনিখন দেশ আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশৰ পৰা অহা ধৰ্মীয় প্ৰতাৰক সকলক নাগৰিকতা প্ৰদান কৰা হে আইন। এই আইনে দেশৰ কেনো সংখ্যালঘু লোককে কোনো ধৰণৰ হানি বিঘিনি নকৰে।

    Photo Credit: @Amitshahofficial

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং