25 C
Guwahati
Wednesday, October 20, 2021
More

    বৰপেটাত আৰম্ভ বৰপেটীয়াৰ প্ৰাণৰ উৎসৱ, হোলীগীতেৰে গুঞ্জৰিত আকাশ-বতাহ

    সত্ৰ নগৰী বৰপেটাৰ পথে-পথে, চুকে-কোণে মাথো হোলী গীতৰ লানি

    আজিৰ পৰা আৰম্ভ ফাগুনৰ উৎসৱ ফাকুৱা। ৰঙৰ উৎসৱ এই ফাকুৱা তথা হোলীয়ে লৈ আহিছে বৰপেটাবাসীৰ প্ৰাণ। বৰপেটাৰ জনজীৱনৰ প্ৰাণৰ উৎসৱ দৌল মহোৎসৱ। বৰপেটাৰ দৌল মহোৎসৱৰ মুল আকৰ্ষণেই হৈছে হোলীগাতসমুহ৷

    হোলী গীতৰ গুঞ্জনেৰে মুখৰিত বৰপেটা সত্ৰ লগতে সমগ্ৰ বৰপেটাৰে আকাশ-বতাহ। বৰপেটাৰ আকাশে বতাহে এতিয়া বিচ্ছূৰিত আৱিৰৰ বৰ্ণালী। উদ্বেলিত ফাগুনত এতিয়া এনেকৈয়ে আত্মবিভোৰ হৈ পৰিছে বৰপেটাবাসী।

    সকলোৰে মুখে মুখে কইলা বাবাৰ জয়ধ্বনী। সত্ৰ নগৰী বৰপেটাৰ পথে-পথে, চুকে-কোণে মাথো হোলী গীতৰ লানি। ডোকাৰ পৰা বুঢ়ালৈ সকলো দলে দলে ব্যস্থ হোলী গীত গাই গাই আবিৰ খেলাত। উল্লেখ্য যে কালিৰে পৰা বৰপেটাত আৰম্ভ হৈছে পবিত্ৰ দৌলৎসৱ। প্ৰাণৰ উৎসৱ দৌলত এনেকৈয়ে মতলীয়া হৈ পৰে বৰপেটাৰ সৰ্বস্তৰৰ লোক।

    বৰপেটা প্ৰৱেশদ্বাৰ

    Photo Credit: @maidulislam

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং