12.5 C
Guwahati
Saturday, January 29, 2022
More

    NRC গ্ৰহণ কৰিলে অসমক বচোৱা টান হ’ব; ভাৰতৰ মানচিত্ৰত অসম বিচাৰি পোৱা নাযাবঃ শিলাদিত্য দেৱ

    ডি ভোটাৰ সম্পূৰ্ণভাৱে বন্ধ কৰি দিব লাগে। নিৰ্বাচন কমিচনে কাকো ডি ভোটাৰ বুলি চিহ্নিত কৰিব নোৱাৰে। কেৱল ভাৰতীয় নাগৰিকক লৈহে ভোটাৰ তালিকা বনাব লাগে বুলি মন্তব্য কৰে শিলাদিত্য দেৱে।

    ‘ভাৰতবৰ্ষৰ বিভাজন ধৰ্মৰ ভিত্তিত হৈছিল, এজনক প্ৰধানমন্ত্ৰী বনোৱাৰ বাবে দেশ বিভাজন কৰা হৈছিল, ভাৰতবৰ্ষত মুছলমানসকল বহুত ভাগ্যবান, অসমটো মুছলমানসকলে বহু সুবিধা লাভ কৰিছে।’- এই মন্তব্য হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ।

    ধৰ্মৰ ভিত্তিত দেশ ভাগ কৰি লাভ কৰিছে এটা দেশ। অসমত আকৌ NRCৰ ক্ষেত্ৰত ১৯৭১ চন ভিত্তিবৰ্ষ হোৱাত ২০ বছৰ আগুৱাই যোৱাৰ বাৱে নাগৰিক্ত পালে। ইফালে হিন্দুসকলৰ কপাল অতি বেয়া কাৰণ দেশো গ’ল, আজিৰ দিনত নাগৰিকত্বৰ বাবেও কাঠগৰাত থিয় হ’বলগীয়া হৈছে। ডিটেনচন কেম্পৰ সংখ্যা আৰু বৃদ্ধি কৰিব লাগিব বাংলাদেশী মুছলমানৰ ৰখাৰ বাবে কিন্তু হিন্দুসকলক ডিটেনচন কেম্পত ৰখাটো আইন সংগত নহয় বুলি কয় বিধায়কগৰাকীয়ে।

    ডি ভোটাৰ সম্পূৰ্ণভাৱে বন্ধ কৰি দিব লাগে। নিৰ্বাচন কমিচনে কাকো ডি ভোটাৰ বুলি চিহ্নিত কৰিব নোৱাৰে। কেৱল ভাৰতীয় নাগৰিকক লৈহে ভোটাৰ তালিকা বনাব লাগে বুলি মন্তব্য কৰে শিলাদিত্য দেৱে।

    NRCটো কংগ্ৰেছ চৰকাৰ এটা চক্ৰান্ত আছিলে, কংগ্ৰেছ চৰকাৰে প্ৰতীক হাজেলাক নিয়োগ কৰি বঙালী হিন্দুসকলক যিকোনোপ্ৰকাৰে বিদেশী সজোৱাৰ চেষ্টা চলাইছিল আৰু ভোট বেংকৰ স্বাৰ্থত বাংলাদেশী নাগৰিকসকলক নাগৰিকত্ব দিব লাগে বুলি কৈছিল কিন্তু এনে চক্ৰান্তৰ ব্লু-প্ৰিণ্ট প্ৰস্তুত কৰি ৰাখিলেও দুৰ্ভাগ্যবশত ২০১৬ চনত তেঁওলোকৰ চৰকাৰ নহ’ল বাৱে বাস্তবায়িত কৰিব নোৱাৰিলে।’- এই অভিযোগ হোজাইৰ বিধায়কগৰাকীৰ।

    NRC গ্ৰহণ কৰিলে অসমক বচোৱা টান হ’ব বুলি কয় শিলাদিত্য দেৱে।ইতিমধ্যে ১১ খনকৈ জিলা অসমীয়াৰ লোকৰ হাতৰ পৰা ওলাই গৈছে, সত্ৰৰ মাটি বেদখল হৈছে, অসমীয়া নাৰীৰ উপৰত নিৰ্যাতন চলিছে। এনে অবস্থাত NRC গ্ৰহণ কৰিলে ভাৰতৰ মানচিত্ৰত অসম বিচৰা টান হৈ যাব।’- পুনৰ বিস্ফোৰক মন্তব্য দেৱৰ।

    বিতৰ্কিত বিধায়ক বুলি কলে তেঁও বেয়া নেপায় কিন্তু তেঁও সচা কথা কোৱাৰ বাৱে এচামৰ গাত লাগি যায়, ইয়াৰ বাবে বিতৰ্কিত বুলি কোৱা হয়।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং