25 C
Guwahati
Thursday, October 21, 2021
More

    বাক্সাৰ অগ্নিসংযোগ কৰা মছজিদলৈ কোৰান শ্বৰীফ দান হিন্দুলোকৰ

    মছজিদত থকা ১১ খন পবিত্ৰ কোৰান শ্বৰিফ আৰু ৩ খন হাদিছ শ্বৰীফ জ্বলাই ভস্মীভূত কৰিছিল কোনো দুৰ্বৃত্তই

    বাক্সাৰ শালবাৰীত মছজিদৰ ভিতৰত থকা ইছলাম ধৰ্মামলম্বী লোকৰ পবিত্ৰ কোৰান শ্বৰীফ আৰু হাদিছত অগ্নিসংযোগৰ ঘটনা সংঘটিত হৈছিল মাৰ্চৰ ২ তাৰিখে নিশাৰ ভাগত। শালবাৰীৰ গোৱৰ্দ্ধনা থানাৰ অন্তৰ্গত কালপানী আঞ্চলিক মছজিদত থকা ১১ খন পবিত্ৰ কোৰান শ্বৰিফ আৰু ৩ খন হাদিছ শ্বৰীফ জ্বলাই ভস্মীভূত কৰিছিল কোনো দুৰ্বৃত্তই।

    জাতি-জনগোষ্ঠীৰ মিলনথলী অসমত সাম্প্ৰদায়িক হিংসা বিয়পোৱাৰ ষড়যন্ত্ৰৰেই কোনো দুৰ্বৃত্তৰ কৰিছিল এনে কাম। পিছে তাৰ বিপৰীত ছবি এখন হে আজি প্ৰতিফলিত হয় সেই মছজিদত। কেইবাখনো কোৰান শ্বৰীফ মছজিদলৈ বুলি দান কৰে হিন্দু লোকে।

    কোৰান শ্বৰীফত অগ্নি সংযোগ কৰাৰ পিছতে সমগ্ৰ অঞ্চলটোতে এক চেপা উত্তেজনাই বিৰাজ কৰিছিল। যদিও বাক্সা আৰক্ষীৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰনত আনিবলৈ সক্ষম হৈছিল যদিও উত্তেজনা মাৰ যোৱা নাছিল কালপানী অঞ্চলত৷ আজি শালবাৰী মহকুমাৰ মহকুমাধিপতিৰ সভাপতিত্বত কালপানীত এখন সভা অনুষ্ঠিত কৰা হয়৷

    সভাত জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে বিভিন্ন লোক উপস্থিত থাকে৷ সভাখনতেই সাতামপুৰুষীয়া ভাতৃত্ববোধ অটুত ৰাখি হিন্দু-মুছলিম ধৰ্মৰ লোকসকলে কেইবাখনো কোৰান শ্বৰীফ মজজিদটোলৈ দান কৰে৷ মজজিদ পৰিচালনা সমিতিৰ সভাপতি ইব্ৰাহিম আলীয়ে সংবাদ মাধ্যমৰ জৰিয়তে ৰাজ্যবাসীক শান্তি সম্প্ৰীতি অটুত ৰখাৰ লগতে এই ক্ষেত্ৰত কোনো ৰাজনীতি নকৰিবলৈ আহ্বান জনায়৷

    Photo Credit: @nandaburathokichetry

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং