24 C
Guwahati
Thursday, October 28, 2021
More

    এখন মুছলমান গাঁৱত মাত্ৰ এঘৰ হিন্দু! এখন বিয়াত গঢ়িলে সমন্বয়ৰ সাঁকো; অসমৰ ক’ত এই স্থান?

    প্ৰতিটো সামাজিক, ধৰ্মীয়-মাংগলিক অনুষ্ঠানত গাঁওখনৰ হিন্দু-মুছলমানৰ এনে উদাৰতাই দাঙি ধৰিছে সম্প্ৰীতিৰ অনন্য নিদৰ্শন

    এটি মাত্ৰ হিন্দু ধৰ্মাৱলম্বী পৰিয়াল থকা এখন মুছলমান গাঁও। নাম হোকাজান গাওঁ। চতিয়াৰ হোকাজান গাঁৱৰ হিতলাল ঘাটোৱাৰক গাঁও খনৰ সকলোৱে ককাই ভাই বুলি জ্ঞান কৰে। গাওঁখনত নাই কোনো ভেদাভেদ। যোৱা নিশা হিতলাল কাইৰ পুত্ৰ বিনয়ৰ বিয়া। গতিকে বিয়াৰ মাংগলিক অনুষ্ঠানকে ধৰি সকলো কাম কাজত গাঁৱৰ মুছলমান ডেকা গাভৰু, বুঢ়া মেথাই নিজৰ বুলিয়েই সহযোগ কৰিছে।

    হিন্দু-মুছলমান সকলোৱে মিলি নাম গাইছে, উৰুলি দিছে। এখন মুছলমান বসতি প্ৰধান গাঁৱত এটা মাত্ৰ হিন্দু পৰিয়ালে দীৰ্ঘ বছৰে বসবাস কৰি আহিছে সমন্বয়ৰ মাজেৰে। প্ৰতিটো সামাজিক, ধৰ্মীয়-মাংগলিক অনুষ্ঠানত হিন্দু-মুছলমানৰ এনে উদাৰতাই দাঙি ধৰিছে সম্প্ৰীতিৰ অনন্য নিদৰ্শন।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং