25 C
Guwahati
Thursday, October 21, 2021
More

    CABক লৈ যিমান প্ৰতিবাদ আশা কৰিছিলো সিমান প্ৰতিবাদ হোৱা নাইঃ হিমন্ত বিশ্ব শৰ্মা

    ৯ ডিচেম্বৰত সংসদত বিলখন উত্থাপন হোৱাৰ পিছত আৰু অধিক ইতিবাচক প্ৰভাৱ পৰিব।'- CAB সন্দৰ্ভটো মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    পুৱাই লাচিত ঘাট পৰ্যবেক্ষণ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ১৫ ডিচেম্বৰত অসমলৈ আহিব ভাৰত আৰু জাপানৰ প্ৰধানমন্ত্ৰী। এই উদ্দ্যেশ্যৰে আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে ব্ৰহ্মপুত্ৰৰ পাৰৰ লগতে গুৱাহাটী মহানগৰী। মহানগৰী স্বচ্ছ নিকা ৰাখিবৰ বাবে মহানগৰবাসীক আহ্বান মন্ত্ৰী শৰ্মাৰ। এয়া এক ঐতিহাসিক সন্মিলন অসমত অনুষ্ঠিত হ’ব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। মালিগাঁৱত আন এক উৰণীয়া সেঁতু হ’ব বুলিও মন্তব্য মন্ত্ৰী শৰ্মাৰ।

    Photo: Time8

    ‘যিমান আশা কৰা হৈছিল সিমান প্ৰতিবাদ হোৱা নাই। অসমৰ জাতীয় দল-সংগঠনৰ সৈতে অমিত শ্বাহৰ হোৱা আলোচনাৰ পিছতেই ইতিবাচক প্ৰভাৱ পৰিছে। ৯ ডিচেম্বৰত সংসদত বিলখন উত্থাপন হোৱাৰ পিছত আৰু অধিক ইতিবাচক প্ৰভাৱ পৰিব।’- CAB সন্দৰ্ভটো মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

    পূৰ্বতেই NRCত কেলেংকাৰী কথা মই উল্লেখ কৰিছিলো আৰু সংবাদমাধ্যমত ওলোৱা বাতৰি সত্য সত্যতা আছে। কেৱল CAGৰ প্ৰতিবেদন উল্লেখ কথা কেলেংকাৰীৰ উপৰিও আৰু বহু বিত্ত খেলিমেলি আছে। এই সকলোবোৰ সামৰf অতি সোনকালে তদন্তৰ ব্যৱস্থা কৰা হ’ব। Accountant General Ag report চাই বিধানসভাত বিষয়টো আলোচনা হ’ব। ভাৰত চৰকাৰ অথবা অসমৰ তদন্তকাৰr সংস্থাক দিয়া হ’ব তদন্তৰ দায়িত্ব। এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং