30 C
Guwahati
Wednesday, October 27, 2021
More

    অসম,মেঘালয়,অৰুণাচল প্ৰদেশৰ প্ৰতিনিধিৰ সৈতে আজি হ’ব CAB সম্পৰ্কে আলোচনাঃ হিমন্ত বিশ্ব শৰ্মা

    CABৰ বিৰুদ্ধে সকলো জাগি উঠাৰ সময়তে হিমন্ত বিশ্ব শৰ্মাৰ এই টুইটে জনসাধাৰণৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে

    CABক লৈ বিতৰ্ক আৰু প্ৰতিবাদৰ মাজতে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক টুইট কৰি লিখে- ”প্ৰস্তাৱিত CABৰ সম্পৰ্কে শুকুৰবাৰে ৪ ঘণ্টাতকৈও অধিক সময় বিভিন্ন ৰাজনৈতিক দল সংগঠন তথা ত্ৰিপুৰা, মিজোৰামৰ নাগৰিক সংগঠনৰ সৈতে আলোচনাত মিলিত হৈ বিভিন্ন পৰামৰ্শ লোৱা হৈছে। আজি অসম, মেঘালয়, অৰুণাচল প্ৰদেশৰ প্ৰতিনিধিৰ সৈতে এই বিষয়ত চৰ্চা কৰা হ’ব। CAB সঠিক দিশতেই আগবাঢ়ি গৈ আছে।”

    CABৰ বিৰুদ্ধে সকলো জাগি উঠাৰ সময়তে হিমন্ত বিশ্ব শৰ্মাৰ এই টুইটে জনসাধাৰণৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং