25 C
Guwahati
Thursday, October 21, 2021
More

    অসমৰ একাংশ বুদ্ধিজীৱীয়ে ৰাজ্যসভাৰ আসনৰ লালসাত পৰিহে ‘কা’ৰ কথা কৈ আছিলঃ হিমন্ত বিশ্ব শৰ্মা

    অজিত কুমাৰ ভূঞাই যদি বদৰুদ্দিন আজমলৰ লগত যায় তেন্তে তেওঁ সমগ্ৰ বৌদ্ধিক মহলটোকে বদনাম কৰি দিব।'- অজিত কুমাৰ ভূঞাৰ প্ৰাৰ্থিত্ব সন্দৰ্ভতো প্ৰতিক্ৰিয়া শৰ্মাৰ

    কিছু সময়ৰ পিছতে নতুন দিল্লীত ৰাজ্যসভাৰ বাবে বিজেপিৰ প্ৰাৰ্থীৰ নাম ঘোষণা হ’ব। প্ৰাৰ্থীৰ নাম ঘোষণা হ’লেই কাইলৈ মনোনয়ন দাখিল কৰা হ’ব।’- এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আমি বিধানসভাৰ নিৰ্বাচনৰ সময়তে জেণ্টেলমেন এগ্ৰিমেণ্ট কৰিছিলো যে অহা ৫ বছৰত যিধৰণে ৰাজ্যসভাৰ আসন খালি হ’ব এটা আমি গণ পৰিষদ দলক দিম আৰু এটা BPFক দিম। আৰু বিজেপিয়ে কথা দি কথা ৰাখে আজি আমি সেয়া প্ৰমাণ কৰিলো।’- সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিলে মন্ত্ৰী শৰ্মাই।

    ‘বিৰোধীয়ে তৃতীয়খন আসনত কাক প্ৰাৰ্থিত্ব দিয়ে তালৈ লক্ষ্য ৰাখিম। বিৰোধীয়ে বিৰ্তকিত ব্যক্তিক প্ৰাৰ্থিত্ব দিলে তৃতীয়খন আসনৰ বাবেও চিন্তা কৰিম। যদি কংগ্ৰেছ দলৰ পৰা বিতৰ্কিত প্ৰাৰ্থীৰ নাম আহে তেন্তে আমি সিদ্ধান্ত গ্ৰহণ কৰিব লাগে বুলি কয় হিমন্ত বিশ্ব শৰ্মাই।

    অজিত ভূঞাই যদি বদৰুদ্দিন আজমলৰ লগত এখন মঞ্চত থিয় হ’ব খোজে তাতকৈ জাতিটোৰ বাবে দুখৰ কথা একো নহয়। বুদ্ধিজীৱীসকলে গোটেই কা আন্দোলনটো চলিছিল ৰাজ্যসভাৰ সাংসদ হোৱাৰ বাবে নেকি বুলি প্ৰশ্ন উত্থাপন শৰ্মাৰ। অসমৰ একাংশ বুদ্ধিজীৱীয়ে ৰাজ্যসভাৰ আসনৰ লালসাত পৰিহে ‘কা’ৰ কথা কৈ আছিল, যুক্তি একো নাছিল বুলি অভিযোগ উত্থাপন কৰে শৰ্মাই। অজিত কুমাৰ ভূঞাই যদি বদৰুদ্দিন আজমলৰ লগত যায় তেন্তে তেওঁ সমগ্ৰ বৌদ্ধিক মহলটোকে বদনাম কৰি দিব।’- অজিত কুমাৰ ভূঞাৰ প্ৰাৰ্থিত্ব সন্দৰ্ভতো প্ৰতিক্ৰিয়া শৰ্মাৰ।

    AIUDFৰ নিৰ্দেশত কা বিৰোধী আন্দোলন কৰিছিল নেকি অজিত কুমাৰ ভূঞাই। অজিত কুমাৰ ভূঞাক কঠোৰ সমালোচনা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তৰুণ গগৈয়ে আত্মসমৰ্পন কৰাটো দুভাগ্যজনক। সাম্প্ৰদায়িক শক্তিৰে হাত মিলালে তৰুণ গগৈয়ে। কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতাক লৈয়ো কটাক্ষ মন্ত্ৰী শৰ্মাৰ। কংগ্ৰেছৰ বিধানসভাত বহু কেইজন চোতা আজমল আছে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং