15 C
Guwahati
Tuesday, January 25, 2022
More

    হিমন্তৰ বৃহৎ ঘোষণা, ৩দিনৰ বাবে ৰাউণ্ড ট্ৰীপ লগতে PG হোষ্টেলৰ ৫০শতাংশ মাছুল ৰেহাইৰ আহ্বান

    ভাড়া ঘৰ সন্দৰ্ভতো ৰেহাইৰ বাবে বিশেষ আহ্বান হিমন্ত বিশ্বৰ

    আজি ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ ৰাজ্যিক কাৰ্য্যালয়ত এক সংবাদমেলৰ আয়োজন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ৰাজ্যত তিনি দিনৰ বাবে ৰাউণ্ড ট্ৰীপৰ অনুমতি। প্ৰায় ৩৪হাজাৰ লোকে লাভ কৰিব এই সুবিধা। ব্যক্তিগত বাহন লৈ যোৱাসকলে পৰিয়ালৰ লোকসকলক লৈ আহিবলৈ পাব অনুমতি। এই সুবিধা লাভ কৰিব এপ্ৰিল মাহৰ ২৮, ২৯ আৰু ৩০ তাৰিখে। অৱশ্যে এই ক্ষেত্ৰত কৰা আবেদন সমূহ পৰীক্ষা কৰি আছে জিলা উপায়ুক্তসকলে।

    ইয়াৰ বাদেও আন এক গুৰুত্বপূৰ্ণ গোহাৰী পেয়িং গেষ্ট আৰু হোষ্টেলৰ স্বত্তাধিকাৰীসকললৈ। এপ্ৰিল মাহৰ ৫০শতাংশ মাছুল ৰেহাইৰ আহ্বান কৰিছে। লকডাউনৰ ফলত মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰীসকলৰ PG আৰু হোষ্টেলৰ স্বত্বাধিকাৰীৰ প্ৰতি এই বিশেষ অনুৰোধ জনাইছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

    ভাড়া ঘৰ সন্দৰ্ভতো বিশেষ আহ্বান হিমন্ত বিশ্বৰ। যিবিলাক ভাড়াঘৰত ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা কৰ্মচাৰীসকল থাকে সেই ভাড়াঘৰৰ মালিকসমূহকো কিছু শতাংশ ৰেহাই দিবলৈ মন্ত্ৰীগৰাকীয়ে সংবাদমেলৰ জৰিয়তে আহ্বান জনায়। কিয়নো ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত কৰ্মচাৰীসকলে দৰমহা লাভৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হৈছে।

    Photo Credit:@himantabiswa

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং