হিমন্তৰ সম্পত্তিক লৈ সংবাদমেল দিছিল অখিল গগৈয়ে। সেই সন্দৰ্ভতে ৯ বছৰ পূৰ্বে অখিল গগৈৰ বিৰুদ্ধে গোচৰ তৰিছিল হিমন্ত বিশ্ব শৰ্মাই। অখিল গগৈয়ে সংবাদমেলত কোৱা কথা আদালতত অস্বীকাৰ কৰি বিপদত পেলাইছে সংবাদ পত্ৰক।
‘অখিলৰ এনেধৰণৰ কাৰ্যৰ বাবে জেলত সোমাইছিল বাতৰিকাকতৰ সম্পাদকক।’- গুৱাহাটীৰ ছেছন আদালতৰ বাহিৰত এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ।
‘ছিণ্ডিকেট হোৱা বুলি বাতৰি কৰা সংবাদ পত্ৰই বিচৰাৰ পিছতো দিয়া নাই প্ৰমাণ।’- কামৰূপ জিলাত চুপাৰী ছিণ্ডিকেট চলা বুলি উঠা অভিযোগ সন্দৰ্ভত হিমন্তৰ প্ৰতিক্ৰিয়া প্ৰকাশ।
প্ৰমাণ দিলেই চৰকাৰে উৎখাত কৰিব ছিণ্ডিকেট। গ্ৰেপ্তাৰ কৰিব ছিণ্ডিকেটৰ সৈতে জড়িত লোককো।
Guwahati | Edited by: Dulu Medhi | First Published: Aug 22, 2019