25 C
Guwahati
Thursday, October 6, 2022
More

    প্লাজমা দান দিয়া লোকে প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰ লাভ কৰাত অগ্ৰাধিকাৰ পাবঃ হিমন্ত বিশ্ব

    ৰাজ্যত কভিড-১৯ৰ পৰিৱেশ অপৰিৱৰ্তনীয় হৈ আছে।

    লকডাউন সন্দৰ্ভত জনতা ভৱনত সম্বোধন কৰা সংবাদমেলত এই মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।

    অসমত কৰ’ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃহস্পতিবাৰৰ দিনটোত ২০ হাজাৰত স্পৰ্শ কৰিব।

    সংবাদমেল সম্বোধন দিয়া সময়লৈকে ইয়াৰ সংখ্যা হৈছে ১৯ হাজাৰ ৭৫৪জন লোক।

    এই কথা জনালে মন্ত্ৰীগৰাকীয়ে।

    কভিডত আক্ৰান্ত হৈ সুস্থ হৈ ঘৰলৈ যোৱা ৰোগীৰ সংখ্যা হৈছে ১৩ হাজাৰ।

    অসমত ৬৫% লোক আৰোগ্য হৈ উঠিছে আৰু ৪৮জন লোকে প্ৰাণ হেৰুৱাইছে, লগতে .২৪% মৰণোত্তৰ লোক।

    সংবাদমেলযোগে এই কথা জনালে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে।

    দিল্লী, গুজৰাট আৰু তামিলনাডুৰ পিছতে অসমৰ ৬৫.২৪% লোক আৰোগ্য হৈ উঠিছে।

    অসমতকৈ এই ৩খন ৰাজ্যৰ লোক অধিক সুস্থ হৈ উঠিছে।

    ১৫ জুনৰ পৰা ১৫ জুলাইৰ ভিতৰত ১২ হাজাৰ ২১৮জন লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে।

    বিগত ৩ মাহৰ তুলনাত এই ৩০টা দিনতে অধিক লোক আক্ৰান্ত হৈছে।

    বিগত ৩-৪ দিন ধৰি ৭০০জন লোক ঘৰলৈ পঠোৱা হৈছে।

    কেতিয়াবা কেতিয়াবা ৭৫০জন ৰোগীকো যাবলৈ দিয়া হৈছে। এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ।

    এই সপ্তাহত ৩টাকৈ নতুন লেব আৰম্ভ কৰা হ’ব।

    এটা বি বৰুৱা কেঞ্চাৰ হাস্পতালত, এটা গুৱাহাটী মেডিকেল কলেজ কেঞ্চাৰ হাস্পতালৰ প্ৰাংগণত আৰু সোণাপুৰ চিভিল হাস্পতালত আৰম্ভ কৰা হ’ব।

    টেষ্টৰ ফলাফল শীঘ্ৰে প্ৰদানৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

    বৰপেটা আৰু যোৰহাট মেডিকেল কলোজটো দুটা নতুন লেব আৰম্ভ কৰা হ’ব। এই ঘোষণা মন্ত্ৰীগৰাকীৰ।

    অসমে আজি ৬ লাখ টেষ্ট সম্পূৰ্ণ কৰিব। দিনৰ ভাগতে সম্পন্ন ৫ লাখ ৫৪ হাজাৰ টেষ্ট।

    অসমত আজি ৪৮জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰে ২৫জন লোক গুৱাহাটীৰ। এই কথা জনাই মন্ত্ৰী শৰ্মাই।

    সুস্থ হৈ উঠাসকলক প্লাজমা দান কৰিবলৈ আহ্বান জনাইছে।

    এজনৰ প্লাজমাই প্ৰাণ ৰক্ষা কৰিব দুজন লোকৰ।

    ১০৪ত ফোন কৰি প্লাজমা দিব পাৰে সুস্থ হৈ উঠা লোকজনে।

    সুস্থ হৈ উঠাসকলে ২৮দিনৰ পিছত প্লাজমা দান কৰাৰ আহ্বান জনায়।

    প্লাজমা দান কৰাসকলৰ বাবে এক বিশেষ আঁচনি চৰকাৰৰ।

    প্লাজমা দান দিয়া লোকে প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰ লাভ কৰাত অগ্ৰাধিকাৰ পাব লগতে

    অৰুণোদয় আঁচনিৰ ক্ষেত্ৰটো অগ্ৰাধিকাৰ পাব প্লাজমা দান কৰা লোকসকলে।

    গুৱাহাটীত ৩ লাখ লোকক পৰীক্ষা কৰিব লাগিব। ৩ লাখ পৰীক্ষা কৰাৰ পাছত স্বাভাৱিক হ’ব গুৱাহাটীৰ পৰিৱেশ।

    মহানগৰীত ১ লাখ ১০ হাজাৰ লোকক ইতিমধ্যে পৰীক্ষা কৰোৱা হৈছে আৰু ১ লাখ ৯০ হাজাৰ লোকক আৰু পৰীক্ষা কৰোৱাব লাগিব।

    আন লক খোলাৰ পিছত গুৱাহীটীৰ দোকানসমূহে কৰিব লাগিব বাধ্যতামূলক কভিড ১৯ পৰীক্ষা।

    চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানৰ কৰ্মচাৰীয়েও কৰিব লাগিব বাধ্যতামূলক পৰীক্ষা।

    অৱশ্যে লক্ষণ নথকা কণ্টেইনমেণ্ট জনৰ লোকসকলে পৰীক্ষা কৰাব নালাগে।

    সংবাদমেলত এই মন্তব্য স্বাস্থ্য মন্ত্ৰীগৰাকীৰ।

    Photo Credit: Himanta Biswa Sarma(You Tube)

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং