26 C
Guwahati
Tuesday, September 27, 2022
More

    মাহে ৭০০ টকাকৈ বছৰত ১০ মাহত ৭ হাজাৰ টকাকৈ দিয়া হ’ব হোষ্টেলৰ আবাসীকঃ হিমন্ত বিশ্ব শৰ্মা

    'কলেজ শিক্ষকে পাঠদানৰ সময়ত আন্দোলন কৰিব নোৱাৰিব। কৰিলে দৰমহা কৰ্তন কৰা হ'ব। পাঠদানৰ সময়ত মন্ত্ৰীক লগ কৰিবলৈ আহিলেও কৰ্তন কৰিব শিক্ষকৰ দৰমহা। কিন্তু দেওবাৰ বা বন্ধ বাৰত আন্দোলন কৰিলে কৰ্তন নহয় শিক্ষকৰ দৰমহা।'- বৈঠকত এই কথা প্ৰকাশ কৰিলে হিমন্ত বিশ্ব শৰ্মাই

    শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ সৈতে অনুষ্ঠিত হয় বৈঠক। অসমৰ বিভিন্ন চৰকাৰী আৰু প্ৰাদেশিকৃত কলেজ, ৰাজ্যিক বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ আবাসীসকলৰ মেছ ডিউচৰ ৰাজসাহাৰ্য প্ৰদান আঁচনিৰ শুভাৰম্ভ অনুষ্ঠান। ‘মাহে ৭০০ টকাকৈ বছৰত ১০ মাহত ৭ হাজাৰ টকাকৈ দিয়া হ’ব হোষ্টেলৰ আবাসীক। প্ৰতিজন ছাত্ৰাবাসৰ আবাসীয়ে পাব ৭০০০ টকাকৈ। প্ৰায় ২০ হাজাৰ শিক্ষাৰ্থী উপকৃত হ’ব। ফেব্ৰুৱাৰীৰ পৰা এই আঁচনি ৰূপায়ন হ’ব। ১ এপ্ৰিলৰ পৰা মেডিকেল আৰু ইঞ্জিনীয়াৰিঙৰ ছাত্ৰ-ছাত্ৰীকো সামৰি লোৱা হ’ব।’- বৈঠকত এই ঘোষণা কৰে শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

    মেডিকেল আৰু কাৰিকৰী শিক্ষাৰ ছাত্ৰ-ছাত্ৰীৰ বাবেও এই আঁচনি কাৰ্যকৰী কৰাৰ চিন্তা-চৰ্চা কৰা হৈছে। শ্ৰেণী বাদ দি অন্য কামত জড়িত হোৱা সকলৰ বিৰুদ্ধে দৰমহা কৰ্তনকে ধৰি বিভিন্ন ব্যৱস্থা লোৱা হ’ব বুলি সকীয়নি প্ৰদান কৰে মন্ত্ৰী শৰ্মাই। বৌদ্ধিক কচৰৎ কমি গৈছে শিক্ষক সমাজৰ। দুখৰ কথা এয়া।

    ‘কলেজ শিক্ষকে পাঠদানৰ সময়ত আন্দোলন কৰিব নোৱাৰিব। কৰিলে দৰমহা কৰ্তন কৰা হ’ব। পাঠদানৰ সময়ত মন্ত্ৰীক লগ কৰিবলৈ আহিলেও কৰ্তন কৰিব শিক্ষকৰ দৰমহা। কিন্তু দেওবাৰ বা বন্ধ বাৰত আন্দোলন কৰিলে কৰ্তন নহয় শিক্ষকৰ দৰমহা।’- বৈঠকত এই কথা প্ৰকাশ কৰিলে হিমন্ত বিশ্ব শৰ্মাই। ছাত্ৰ সমাজক আৰু কি বাধা দিব। তেওঁলোককটো আমি দৰমহা নিদিও। CAAৰ ওপৰত তৰ্ক প্ৰতিযোগিতা, আকস্মিক বক্তৃতা পতাৰ পৰামৰ্শ হিমন্ত বিশ্ব শৰ্মাৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং