28 C
Guwahati
Wednesday, October 27, 2021
More

    হীৰেন গোহাঁই মুছলমান মৌলবাদীৰ লগত বহু দিনৰে পৰা জড়িত; CAA জাতিধ্বংসী নহয়, হীৰেন গোহাঁইহে

    অসমখনক মুছলমান মৌলবাদীয়ে জ্বলোৱা যি পৰিকল্পনা চলি আছে সেই পৰিকল্পনাৰ সক্ৰিয় সদস্য হীৰেন গোহাঁই

    জনতা ভৱনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰে। চুক্তিখনক ঐতিহাসিক আখ্যা দিয়ে মন্ত্ৰী হিমন্ত বিশ্বই। বড়ো শান্তি চুক্তিক লৈ এই সংবাদমেলৰ আয়োজন। ‘নুমলীগড় শোধনাগাৰত চৰকাৰৰ অংশীদাৰ ২৬% ৰ পৰা ১২.৩% লৈ কংগ্ৰেছ চৰকাৰে কমাই আনি বাকী অংশ BCPLক বিক্রী কৰিছিল। পুনৰ অসম চৰকাৰৰ অংশীদাৰিত্ব ২৬% কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আমি প্ৰস্তাৱ দিছো। পুনৰ এই শ্বেয়াৰ ল’বলৈ ১৫০০ কোটি আমাক প্ৰয়োজন হ’ব।’- সংবাদমেলত এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

    বড়ো আন্দোলনত ৪ হাজাৰ লোকৰ প্ৰাণহানি হৈছিল। পূৰ্বৰ চুক্তিত এবছু, NDFBৰ সকলো গোটে স্বাক্ষৰ কৰা নাছিল কিন্তু কালিৰ চুক্তিত সকলোৱে স্বাক্ষৰ কৰাটোক ঐতিহাসিক মৰ্যদা দিলে মন্ত্ৰীগৰাকীয়ে। ‘পৃথক ৰাজ্যৰ দাবী কালিৰ পৰা সমাপ্ত হয়, এই কথা স্মৰণীয় হৈ থাকিব। কালিৰ দিনটো অসমৰ বাবে আছিল সোণোৱালী দিন।’- বড়ো চুক্তি স্বাক্ষৰ কৰা সন্দৰ্ভত মন্তব্য হিমন্ত বিশ্বৰ।

    বিটিচিত পূৰ্বে অন্তৰ্ভুক্ত হৈ থকা অনা বড়ো গাঁওসমূহ কৰ্তন হ’ব। BTRৰ বাহিৰত গঠন হ’বলগীয়া স্বায়ত্ব শাসিত পৰিষদত কোনো অবড়ো গাঁও অন্তৰ্ভুক্ত নহয়। ৭ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক অসমলৈ আমি আমন্ত্ৰণ কৰিছো। বহাগ বিহুৰ পূৰ্বে অসমবাসীক কেন্দ্ৰ চৰকাৰে আৰু ভাল খবৰ দিব বুলিও সংবাদমেলযোগে জনালে মন্ত্ৰী হিমন্ত বিশ্বই।

    ৩০ জানুৱাৰীত NDFB ১৫০০ কেডাৰে অস্ত্ৰ সম্বৰণ কৰিব। এই কাৰ্যসূচী গুৱাহাটী বা ওদালগুৰিত হ’ব বুলিও ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে। পৰেশ বৰুৱাক আলোচনা লৈ আহ্বান হিমন্ত বিশ্বৰ। অসম চুক্তিৰ ৬নং দফাৰ প্ৰতিবেদন কমিটিৰ পৰা পোৱাৰ পিছতে কেন্দ্ৰীয় চৰকাৰে পদক্ষেপ ল’ব বুলি আমাক জনাইছে।

    হীৰেন গোহাঁই মুছলমান মৌলবাদীৰ লগত বহু দিনৰে পৰা জড়িত বুলি অভিযোগ উত্থাপন কৰে। অসমখনক মুছলমান মৌলবাদীয়ে জ্বলোৱা যি পৰিকল্পনা চলি আছে সেই পৰিকল্পনাৰ সক্ৰিয় সদস্য হীৰেন গোহাঁই। CAA জাতিধ্বংসী নহয়, হীৰেন গোহাঁইহে জাতিধ্বংসী।’- সংবাদমেলত হীৰেন গোহাঁই কটাক্ষ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হীৰেন গোহাঁয়ে কোৱা প্ৰতিটো কথা আমি ওলোটা কৰিব লাগে। মুছলিম মৌলবাদীৰ সক্ৰিয় অংশীদাৰ হীৰেন গোহাঁইৰ। এই মন্তব্যৰে হীৰেন গোহাঁইক চোকা সমালোচনা হিমন্ত বিশ্বৰ।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং