26 C
Guwahati
Saturday, September 24, 2022
More

    গ্ৰেপ্তাৰ কৰিব লাগে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দাবী ৰিপুন বৰাৰ

    প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুন বৰাৰ নেতৃত্বত অহা দলটোক হাইলাকান্দি জিলাৰ ধলেশ্বৰৰ পৰা এক বিশাল বাইল ৰেলীৰ জৰিয়তে আদৰণি জনাই হাইলাকান্দি লৈ আহে কংগ্ৰেছ কৰ্মীসকলে

    মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰিব লাগে। এগৰাকী দায়িত্বশীল মন্ত্ৰী হৈ সাম্প্ৰদায়িক মন্তব্য কৰাৰ বাবে মন্ত্ৰী হিমন্ত বিশ্বক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুন বৰাই। কিছুদিন পূৰ্বে বৰাক উপত্যকাত উপস্থিত হৈ ডিটেনচন কেম্প সন্দৰ্ভত সাম্প্ৰদায়িক মন্তব্য কৰাৰ বাবে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাই বৰাই।

    ৩ দিনীয়া বৰাক উপত্যকা ভ্ৰমণ কাৰ্যসূচীৰে মঙলবাৰে নিশা হাইলাকান্দিত উপস্হিত হয় প্ৰদেশ কংগ্ৰেছৰ এটা প্ৰতিনিধি দল। প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুন বৰাৰ নেতৃত্বত অহা দলটোক হাইলাকান্দি জিলাৰ ধলেশ্বৰৰ পৰা এক বিশাল বাইল ৰেলীৰ জৰিয়তে আদৰণি জনাই হাইলাকান্দি লৈ আহে কংগ্ৰেছ কৰ্মীসকলে। তাৰ পিছত স্থানীয় কংগ্ৰেছ ভৱনত উপস্হিত হৈ সংবাদমাধ্যমৰ আগত মন্তব্য আগবৰাই সাংসদগৰাকীয়ে কয় NRC প্ৰকাশ হোৱাৰ পিছৰ পৰাই ৰাজ্যত এক ভয় আৰু অনিশ্চয়তাৰ বতৰ সৃষ্টি হৈছে।

    সেই কাৰণে ভীতিগ্ৰস্থ প্ৰকৃত নাগৰিক সকলোক সহায় কৰাৰ উদ্দেশে প্ৰদেশ কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে ৰাজ্যৰ বিভিন্ন ঠাই ভ্ৰমণ আৰু সভা আৰম্ভ কৰিছে। লগতে তেওঁ CABক ললীপপ আখ্যা দি নাগৰিকত্ব পোৱাসকলে মাটি ক্ৰয়, চাকৰি আৰু ব্যৱসায়ৰ অধিকাৰ নেপাই বুলি মন্তব্য কৰে ৰিপুন বৰাই।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং