25 C
Guwahati
Thursday, October 6, 2022
More

    পুৰণিগুদামৰ ঘাইপথৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে ৰাইজক

    যি সময়ত চৰকাৰে অত্যাধুনিক FastTag ব্যবহাৰ কৰি টোলগেটৰ পৰা কৰ সংগ্ৰহৰ ব্যৱস্থা গ্ৰহণ কৰিছে, তেনে সময়তে ঘাইপথ সমূহৰ দুৰৱস্থাই অতিষ্ঠ কৰি তুলিছে যাত্ৰীসকলক

    ৰাজ্যৰ অতিকৈ ব্যস্ত ৩৭ নং ঘাইপথৰ দুৰৱস্থাৰ বাবে এতিয়া অতিষ্ঠ হৈ পৰিছে নগাঁৱৰ পুৰণিগুদামবাসী। চাৰিলেনযুক্ত ঘাইপথ নিৰ্মাণৰ কাম বন্ধ হোৱাৰ পিছত এলাগী হৈ পৰি ৰৈছে এই পথটো। পথৰ মাজত সৃষ্টি হৈছে প্ৰকাণ্ড গাঁত। নিতৌ সংঘটিত হৈছে দুৰ্ঘটনা।কিন্তু চকুত পৰা নাই চৰকাৰ তথা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ।

    যি সময়ত চৰকাৰে অত্যাধুনিক FastTag ব্যবহাৰ কৰি টোলগেটৰ পৰা কৰ সংগ্ৰহৰ ব্যৱস্থা গ্ৰহণ কৰিছে, তেনে সময়তে ঘাইপথ সমূহৰ দুৰৱস্থাই অতিষ্ঠ কৰি তুলিছে যাত্ৰীসকলক।উপায়ন্তৰ হৈ পুৰণিগুদামৰ জালজৰী সন্মিলিত যুৱমঞ্চই ল’লে পথছোৱাৰ মেৰামতিৰ পদক্ষেপ।নিজৰ হাতৰ ধনেৰে জালজৰীৰ সদস্যসকলে মেৰামতি কৰিছে পুৰণিগুদামৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ।

    Photo Credit:@batssamhaque

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং