29 C
Guwahati
Monday, October 25, 2021
More

    ঝাৰখণ্ডত আজিৰ পৰা হেমন্ত চোৰেন চৰকাৰ

    দিনৰ ২ বজাত মোৰহাবাদী মৈদানত শপত ল'ব হেমন্ত চোৰেনে

    ঝাৰখণ্ডৰ নতুন মুখ্যমন্ত্ৰী হিচাপে আজি শপত ল’ব হেমন্ত চোৰেনে। দিনৰ ২ বজাত মোৰহাবাদী মৈদানত শপত ল’ব ঝাৰখণ্ড মুক্তি মৰ্চা(JMM)ৰ অধ্যক্ষগৰাকীয়ে। ডিচেম্বৰৰ ২৩ তাৰিখে ঘোষণা হোৱা বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছতে ঝাৰখণ্ডৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে একপ্ৰকাৰ নিশ্বিত হৈ পৰে হেমন্ত। ৮১ খন আসনৰ ভিতৰত মুঠ ৪৭ খন আসনেৰে এই জয় নিশ্চিত কৰে ঝাৰখণ্ড মুক্তি মৰ্চা , কংগ্ৰেছ আৰু আৰজেডিৰ মিত্ৰজোঁটৰ দলটোৱে।

    বাকি সমুহ মন্ত্ৰীপদত কোন দলৰ কোন কোন সদস্যই মন্ত্ৰীত্ব পদ পাব সেয়া বৰ্তমানলৈ নিশ্চিত হোৱা নাই। যদিও আজি হেমন্ত চোৰেনৰ লগত অন্য দুগৰাকী সদস্যইও শপত গ্ৰহণ লোৱাৰ সম্ভাৱনা আছে। সম্ভাৱনা থকা সদস্যসকলৰ ভিতৰত কংগ্ৰেছৰ নেতা আলমগীৰ আলম অন্যতম। জানিব পৰা মতে এই মন্ত্ৰীমণ্ডলত থাকিব ঝাৰখণ্ড মুক্তি মৰ্চাৰ ৬গৰাকী, কংগ্ৰেছৰ ৪গৰাকী আৰু আৰজেডিৰ এগৰাকী সদস্য।

    Photo CRedit: https://twitter.com/HemantSorenJMM

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং