14 C
Guwahati
Sunday, January 23, 2022
More

    ৪ দিনলৈ অব্যাহত থাকিব প্ৰকৃতিৰ সংহাৰ; ক’লে বতৰ বিজ্ঞান কেন্দ্ৰই

    বতৰ বিজ্ঞান কেন্দ্ৰই ৯খন ৰাজ্যত জাৰি কৰিছে হাইএলাৰ্ট

    আগন্তুক চাৰিদিনৰ ভিতৰত অসম তথা উত্তৰ-পূৱত প্ৰৱল বৃষ্টিপাত হ’ব পাৰে বুলি আগজাননী দিছিল বতৰ বিজ্ঞান কেন্দ্ৰই। সঁচাকৈয়ে যোৱা নিশা প্ৰচণ্ড ধুমুহা, বৰষুণে কোবাই গ’ল অসমক।

    বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে অহা চাৰিদিনলৈ অব্যাহত থাকিব প্ৰকৃতিৰ সংহাৰ। শদিয়াৰ পৰা ধুবুৰীলৈ যোৱা নিশা হৈ গ’ল প্ৰচণ্ড ধুমুহা। প্ৰান্তে প্ৰান্তে ভাঙি পৰিল বহু ঘৰ, উভালি পৰিল প্ৰকাণ্ড প্ৰকাণ্ড গছ। বিদ্যুৎ সেৱা বিঘ্নিত, ছিঙি পৰিল তাঁৰ। গোৱালপাৰাত ধুমুহাত মৃত্যুমুখত পৰে এজন। ঘৰ ভাঙি লোকজনৰ ওপৰত পৰি যোৱাৰ পিছতে মৃত্যুমুখত পৰে লোকজন।

    আজিও পুৱাৰে পৰা ডাৱৰীয়া বতৰ, প্ৰকৃতিয়ে লৈছে ভয়ংকৰ ৰূপ। কৰ’ণাৰ সন্ত্ৰাসৰ মাজতে এতিয়া বতৰেও ত্ৰাসৰ সৃষ্টি কৰিছে। বুধবাৰৰ দিনটোতো ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰে ধাৰণ কৰিছিল কালৰূপ।বতৰ বিজ্ঞান কেন্দ্ৰই ৯খন ৰাজ্যত জাৰি কৰিছে হাইএলাৰ্ট। ১৭ এপ্ৰিলৰ পৰা ২০ এপ্ৰিললৈ হাই এলাৰ্ট জাৰি।

    অসম, নগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা, পশ্চিমবংগ, বিহাৰ আৰু অৰুণাচল প্ৰদেশত হাইএলাৰ্ট জাৰি কৰা হৈছে। শুকুৰবাৰৰ দিনটোত অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, অসম, পশ্চিমবংগ, চিকিম আৰু বিহাৰত হাই এলাৰ্ট জাৰি কৰা হৈছে।

    Photo Credit: media.nationthailand.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং