21 C
Guwahati
Thursday, December 2, 2021
More

    সত্যকাম ফুকনৰ নাম মই শুনাও নাই, চিনিও নাপাও; এনেকুৱা যে কোনোৱা চিকিত্সক আছেঃ হিমন্ত বিশ্ব শৰ্মা

    ‘মই চিনিও নাপাও, তেনেকুৱা নাম মই শুনাই নাই, ইমান বছৰ ধৰি মই স্বাস্থ্য মন্ত্ৰী হৈ আছো। তেনেকুৱা কোনোবা চিকিত্সক-বিশেষজ্ঞ আছে মোৰ দৃষ্টিত পৰা নাই।

    তেওঁ যদি কিবা লিখিছে, তেওঁ WHOৰ লগত বিতৰ্ক কৰক। আমি এইবিলাক বুজি নাপাও।’

    তেওঁৰ যদি কিবা শৈক্ষিক বিতৰ্ক কৰিবলীয়া আছে, কৰ’ণাৰ ফলত ভাৰতত কিয় ইমান মানুহৰ মৃত্যু হৈছে, আমেৰিকাত কিয় ডেৰ লাখ মানুহৰ মৃত্যু হ’ল তাৰ কি বিশ্লেষণ আগবঢ়াই দিয়ক একাডেমীত।

    সাংবাদিকে চিকিত্সক সত্যকাম ফুকনে কৰা অভিযোগৰ উত্তৰ দিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

    ‘যিজন মানুহক মই চিনিয়েই নাপাও, তেওঁৰ বিষয়ে মই কি কম। মোৰ একো জ্ঞানে নাই তেওঁৰ বিষয়ে। মই ২০০৬ৰ পৰা স্বাস্থ্য মন্ত্ৰী, মই ড০ তপন শইকীয়াৰ নাম শুনিছো।

    মই সৰ্বেশ্বৰ চহৰীয়াৰ নাম শুনিছো। মই ৰানা পাটিৰৰ নাম শুনিছো। মই এই নামটো শুনাই নায়।

    মই কি উত্তৰ দিম।’- চিকিত্সক সত্যকাম ফুকনৰ বিষয়ে সাংবাদিক সোধা প্ৰশ্নত এই গাৰ এৰা মন্তব্য দিলে মন্ত্ৰী শৰ্মাই।

    কি অভিযোগ উত্থাপন কৰিছিল চিকিত্সক সত্যকাম ফুকনে? চিকিত্সগৰাকীৰ অভিযোগ কিমান সঁচা কিমান মিছা।

    দেওবাৰে TIME8ৰ সাংবাদিকৰ সন্মুখত কৰ’ণা ভাইৰাছক লৈ বিস্ফোৰক মন্তব্য কৰিছিল সত্যকাম ফুকনে

    COVID19 সচাঁকৈ ভয়ংকৰ বেমাৰ নে ভয়ংকৰ কৰা হৈছে। চিকিৎসক সত্যকাম ফুকনৰ মহাবিস্ফোৰণ।

    COVID19 সচাঁকৈ ভয়ংকৰ বেমাৰ নে ভয়ংকৰ কৰা হৈছে। লকডাউন অৰ্থহীন নেকি, কৰণাৰ নামত জনসাধাৰণক হাৰাশাস্তি কৰা হৈছে নেকি, সাধাৰণ জ্বৰো কৰোণা হৈ পৰিছে নেকি এনে বহু মহাবিস্ফোৰণ চিকিৎসক সত্যকাম ফুকনৰ। সমগ্ৰ বিশ্বত কৰণাতংকৰ মাজতে কিয় এই আচৰিত দাবী প্ৰখ্যাত চিকিৎসক জনৰ। COVID19 ভুৱা প্ৰচাৰ আখ্যা দি কিয় CBIত গোচৰ ডা: সত্যকাম ফুকনৰ।চিকিৎসক গৰাকীৰ এই দাবী হ'লেও WHO আৰু ভাৰত চৰকাৰৰ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি আমি সকলোৱে সামাজিক দূৰত্ব মানি চলা, মাস্ক পৰিধান কৰা আৰু লকডাউনৰ নিয়মসমূহ পালন কৰা নিতান্তই প্ৰয়োজন। কৰ'নাৰ সংক্ৰমনৰ পৰা তেতিয়াহে ৰক্ষা পোৱা সম্ভৱ

    Posted by TIME8 on Sunday, 28 June 2020

    সত্যকাম ফুকনৰ অভিযোগৰ গা এৰা মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং