12.5 C
Guwahati
Saturday, January 29, 2022
More

    বিহাৰঃ গৰ্ভ নিৰোধক বিতৰণ কোৱাৰেণ্টাইনৰ পিছত ঘৰলৈ যাবলৈ ওলোৱা প্ৰৱাসী শ্ৰমিকক

    ৰাজ্যখনত ২৯ লাখ প্ৰৱাসীৰ ভিতৰত ৮.৭৭ লাখ লোকক ঘৰলৈ যাবলৈ দিয়া হৈছে কাৰণ তেওঁলোকে ১৪ দিনৰ কোৱাৰেণ্টাইনৰ সময়সীমা সম্পূৰ্ণ কৰিছে

    অনাকাংক্ষিত গৰ্ভধাৰণক ৰোধ কৰিবলৈ বিহাৰ স্বাস্থ্য বিভাগে সেইসকল প্ৰৱাসী শ্ৰমিকৰ মাজত গৰ্ভ নিৰোধক বিতৰণ কৰিছে যিসকল শ্ৰমিকে ১৪ দিনীয়া কোৱাৰেণ্টাইন সমাপ্ত কৰি নিজৰ ঘৰলৈ যাবলৈ ওলাইছে আৰু যিসকল ঘৰৰ পৰা বাহিৰত বাস কৰে। এজন বিষয়াই এই বিষয়ে জনায়।

    ৰাজ্যখনত ২৯ লাখ প্ৰৱাসীৰ ভিতৰত ৮.৭৭ লাখ লোকক ঘৰলৈ যাবলৈ দিয়া হৈছে কাৰণ তেওঁলোকে ১৪ দিনৰ কোৱাৰেণ্টাইনৰ সময়সীমা সম্পূৰ্ণ কৰিছে। ইয়াৰোপৰি বৰ্তমানলৈ ৫.৩০ লাখ প্ৰৱাসী ৰাজ্যখনৰ ব্লক আৰু জিলাসমূহৰ কোৱাৰেণ্টাইন কেন্দ্ৰত কোৱাৰেণ্টাইন হৈ আছে।

    স্বাস্থ্য বিভাগৰ এগৰাকী জ্যেষ্ঠ বিষয়াই ক’লে, ‘প্ৰৱাসী শ্ৰমিকসকলে ১৪ দিনৰ প্ৰতিষ্ঠানগত কোৱাৰেণ্টাইন সম্পূৰ্ণ কৰাৰ পিছত এতিয়া ঘৰলৈ যাবলৈ ওলাইছে আৰু ইয়াৰ বাবে অনাকাংক্ষিত গৰ্ভধাৰণৰ সম্ভাৱনা যথেষ্ট। ইয়াৰ বাবে আমি তেওঁলোকক উচিত পৰামৰ্শ দি আছো আৰু তেওঁলোকক অনাকাংক্ষিত গৰ্ভধাৰণৰ পৰা ৰক্ষা পাবলৈ গৰ্ভ নিৰোধক বিতৰণ কৰিছো।

    বিষয়াগৰাকীক ৰাজ্য স্বাস্থ্য ছছাইটিত পৰিয়াল পৰিকল্পনাৰ কাৰ্যৰ দায়িত্ব প্ৰদান কৰা হৈছে। তেওঁ স্পষ্টভাৱে ক’লে যে এয়া পৰিয়াল পৰিকল্পনাৰ উপায় হয় আৰু ইয়াৰ সৈতে কোভিড ১৯ৰ কোনো লেন-দেন নাই। এজন স্বাস্থ্য কৰ্মী হিচাপে এয়া আমাৰ দায়িত্ব হয় যে ইয়াক আমি নিয়ন্ত্ৰণ কৰিব লাগে। এই ব্যৱস্থা বলবৎ কৰিবলৈ আমাৰ স্বাস্থ্য সহযোগী কেয়াৰ ইণ্ডিয়াৰ সহায় লৈছো।

    কোৱাৰেণ্টাইন কেন্দ্ৰ বন্ধ নোহাৱা পৰ্যন্ত এই ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ১৫ জুনত প্ৰতিটো কোৱাৰেণ্টাইন কেন্দ্ৰ বন্ধ কৰি দিয়া হ’ব কাৰণ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে এতিয়াৰে পৰা ৰাজ্যলৈ অহা প্ৰৱাসীসকলক কোৱাৰেণ্টাইন কেন্দ্ৰত ৰখা নহ’ব। স্বাস্থ্য সমন্বয়ক কোৱাৰেণ্টাইন কেন্দ্ৰসমূহ গৰ্ভ নিৰোধকৰ দুট পেকেট বিতৰণ কৰা হৈছে।

    Photo credit: rediff.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং