25 C
Guwahati
Thursday, October 21, 2021
More

    এগৰাকী প্ৰধান শিক্ষকৰ ফেচবুক পোষ্টক লৈ কৰিমগঞ্জত হাহাকাৰ

    দেওবাৰে ছচিয়েল মিডিয়াত পোষ্ট কৰাৰ পিছত আজি বিদ্যালয়ত উপস্থিত নাথাকিল প্ৰধান শিক্ষকজন

    কৰিমগঞ্জত এখন বিদ্যালয়ৰ প্ৰধান শিক্ষকে ছচিয়েল মিডিয়াত কৰা মন্তব্যক লৈ লাগিছে তোলপাৰ। ব্যক্তিগত খণ্ডৰ বিদ্যালয় ইষ্ট পইণ্টৰ প্ৰধান শিক্ষকে ছাত্ৰীৰ ফটো আপলোড কৰি লিখিছে ছাত্ৰীসকলক হিজাব পৰিধান কৰি বিদ্যালয়লৈ যোৱাটো বাধ্যতামূলক কৰা বুলি উল্লেখ কৰিছে ফেচবুক পোষ্টত। বিদ্যালয়খনৰ প্ৰধান শিক্ষক এ বি হান্নানৰ ফেচবুক একাউণ্টৰ পৰা কৰিছে আপলোড।

    ছেবাৰ নিয়ন্ত্ৰণাধীন বিদ্যালয়ত হিজাব পিন্ধি অহা বাধ্যতামূলক কৰা পোষ্টক লৈ সৃষ্টি হৈছে বিতৰ্কৰ। দেওবাৰে ছচিয়েল মিডিয়াত এনেদৰে পোষ্ট কৰাৰ পিছত আজি বিদ্যালয়ত উপস্থিত নাথাকিল প্ৰধান শিক্ষকজন। বিদ্যালয় পৰিচালন সমিতিৰ সদস্য ৰুপম চৌধুৰীয়ে স্পষ্ট কৰি দিয়ে যে বিদ্যালয়খনত বাধ্যতামূলক নহয় হিজাব পিন্ধি অহাটো।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং